Friday, September 30, 2022
HomeNewsইউৰো২০২০: ঘৰ ৱাপচী ঘটিব নেকি ফুটবলৰ?

ইউৰো২০২০: ঘৰ ৱাপচী ঘটিব নেকি ফুটবলৰ?

অলিম্পিয়া প্রতিবেদন

তেন্তে সঁচাকৈয়ে ফুটবল ঘৰলৈ উভতিব নেকি! It’s Coming home এই আপ্তবাক্যশাৰী প্ৰতিখন বৃহৎ টুৰ্ণামেণ্টৰ সময়তে প্ৰতিজন ইংলিছ দৰ্শকৰ মুখত শুনা যায়। প্ৰতিবাৰেই সজোৰে ফুটবল ঘৰলৈ উভতাৰ দাবী কৰিলেও কিন্তু ফুটবলত সফলতা লাভ নকৰা বেছ কিছু বছৰ হ’ল ইংলেণ্ডৰ। ১৯৬৬ তেই শেষবাৰৰ বাবে লিখা গৈছিল সোণালী ইতিহাস। সেইবাৰ বিশ্বকাপৰ খিতাপ শিৰত লৈ ঘৰলৈ উভতিছিল ইংলিছ খেলুৱৈ। তাৰ পিছৰ পৰা কেৱল শূণ্য দুহাতে উভটিব লগা হৈছে ইংলিছ ফুটবলাৰ। ১৯৬৬ পিছৰ পৰা আৰু কোনো বৃহৎ টুৰ্ণামেণ্টতে জয়ৰ মুখ দেখা নাই দলটোৱে। এইবাৰ সেয়ে আশা জাগিছে। ইউৰো ২০২০ৰ ফাইনেলত উপনীত হোৱাৰ পিছৰে পৰা আৰু জোৰদাৰ ৰূপত প্ৰতিনিধিত্ব হৈছে সেই বাক্যাংশ, ” It’s coming home” ।

বৃহস্পতিবাৰে পুৱতি নিশা অন্ত পৰা ইউৰো ২০২০ৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে ডেনমাৰ্কক ২-১ গ’লত পৰাস্ত কৰি উপনীত হ’ল ফাইনেলত। খেলৰ ২৯ মিনিটত ডেনমাৰ্কৰ চেণ্টাৰ বেক আন্দ্ৰেচ ক্ৰিষ্টেনছক ফাউল কৰি ফ্ৰী কীক লাভ কৰে ডেনমাৰ্কে। ইয়াৰে সুযোগ গ্ৰহণ কৰি এটা চিত্ৰাকৰ্ষক গ’লেৰে ডেনমাৰ্কক অগ্ৰগতি দিয়ে মিকেল ডেমছগাৰ্ডে। তাৰ পিছতে ডেনমাৰ্কৰ ওপৰত উপৰ্য্যপুৰি আক্ৰমণ অব্যাহত ৰাখে ইংলিছ বাহিনীয়ে। দুর্ভাগ্যবশত: ডেনমাৰ্কৰ অধিনায়ক চিম’ন কায়েৰৰ এটা আত্মঘাটি গ’লৰে সমতা স্থাপন কৰে ইংলেণ্ডে।

দ্বিতীয়াৰ্ধতো দুয়ো দলে সমানেই যুজঁ দিলে যদিও ফলাফল একেই থাকিল। স্কৰবোৰ্ডত ফলাফলহীন ১-১। এইবাৰ অতিৰিক্ত ৩০ মিনিটৰ সময় নিৰ্ধাৰণ কৰি দিয়া হ’ল। অতিৰিক্ত সময়ৰো প্ৰথমাৰ্ধত স্কৰবোৰ্ডৰ কোনো পৰিৱৰ্তন নহ’ল। কিন্তু দ্বিতীয়াৰ্ধত ইংলেণ্ডে উপহাৰ স্বৰূপে লাভ কৰিলে এটা পেনাল্টি। তাৰেই সুযোগ গ্ৰহণ কৰি ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে প্ৰদান কৰিলে বিজয়সূচক গ’ল। লগে লগে উছাহত বুৰ গ’ল সমগ্ৰ ষ্টেডিয়াম। ১৯৬৬ ৰ পিছত এয়া আছিল দলটোৰ কোনো বৃহৎ টুৰ্ণামেণ্টত প্ৰৱেশ। এতিয়া খিতাপ যুঁজৰ ইটো পাৰে ইংলেণ্ডলৈ অপেক্ষা কৰিছে প্ৰতিযোগিতাখনৰ আনটো শক্তিশালী দল ইটালীয়ে। ফাইনেলৰ হাইভল্টেজ যুঁজখনৰ বাবে এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। ইংলেণ্ডৰ নাগৰিকসকলেও আশা কৰিছে তেওঁলোকৰ নিজৰ খেল ফুটবল ঘৰলৈ উভতক। It’s coming home -এই আপ্ত বাক্যশাৰীয়ে ন্যায় পাওঁক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments