Wednesday, July 6, 2022
HomeOur PrideCricketইংলেণ্ডৰ ভাৰত ভ্ৰমণ: টেষ্টৰ লগতে এদিনীয়া, টি-টুৱেন্টিৰ সম্পূৰ্ণ সূচী

ইংলেণ্ডৰ ভাৰত ভ্ৰমণ: টেষ্টৰ লগতে এদিনীয়া, টি-টুৱেন্টিৰ সম্পূৰ্ণ সূচী

অলিম্পিয়া প্ৰতিবেদন

অহা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ইংলেণ্ড-ভাৰতৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। প্ৰায় ডেৰ মাহৰ কাৰ্যসূচীৰে দলটো আহিব ভাৰতলৈ। এই সময়ছোৱাত দলটোৱে ৪খন টেষ্ট, ৫ খন টি-টুৱেন্টি আৰু ৩ খনকৈ এদিনীয়াত ভাগ ল’ব।

চাৰিখন টেষ্টৰ প্ৰথম দুখন অনুষ্ঠিত হ’ব চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত। তাৰ বিপৰীতে শৃংখলাৰ বাকী দুখন টেষ্ট আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। টেষ্ট শৃংখলা অন্ত পৰাৰ পাছতেই দলটোৱে ৫ খন টি টুৱেন্টিত ভাগ ল’ব। ১২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া টি টুৱেন্টি শৃংখলাটোৰ আটাইকেইখন মেচ অনুষ্ঠিত হ’ব আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত।

ইফালে, এদিনীয়া শৃংখলাৰ মেচসমূহ অনুষ্ঠিত হ’ব পুনেৰ এম চি এ ষ্টেডিয়ামত। মূলতঃ ক’ভিড সংক্ৰান্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে একোটা স্থানত একাধিক মেচ খেলোৱাৰ ব্যবস্থা কৰিছে বি চি চি আইয়ে।

টেষ্টৰ সূচী:

প্ৰথম টেষ্ট: ৫ ৰ পৰা ৯ ফেব্ৰুৱাৰী, এম এ ষ্টেডিয়াম,চেন্নাই

দ্বিতীয় টেষ্ট: ১৩ ৰ পৰা ১৭ ফেব্ৰুৱাৰী, এম এ ষ্টেডিয়াম,চেন্নাই

তৃতীয় টেষ্ট: ২৪ ৰ পৰা ২৮ ফেব্ৰুৱাৰী, চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

চতুৰ্থ টেষ্ট: ৪ মাৰ্চৰ পৰা ৮ মাৰ্চ

টি-টুৱেন্টি সূচী:
প্ৰথম টি টুৱেন্টি: ১২ মাৰ্চ, চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

দ্বিতীয় টি-টুৱেন্টি: ১৪ মাৰ্চ,চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

তৃতীয় টি-টুৱেন্টি: ১৬ মাৰ্চ, চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

চতুৰ্থ টি টুৱেন্টি: ১৮ মাৰ্চ,চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

পঞ্চম টি টুৱেন্টি: ২০ মাৰ্চ,চৰ্দাৰ পেটেল ষ্টেডিয়াম, আহমেদাবাদ

এদিনীয়া সূচী:
প্ৰথম এদিনীয়া: ২৩ মাৰ্চ, এম চি এ ষ্টেডিয়াম পুনে

দ্বিতীয় এদিনীয়া: ২৬ মাৰ্চ, এম চি এ ষ্টেডিয়াম,পুনে

তৃতীয় এদিনীয়া: ২৮ মাৰ্চ, এম চি এ ষ্টেডিয়াম পুনে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments