ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট চিৰিজৰ অন্তিমখন মেচ অহা বছৰৰ জুলাই মাহত

অলিম্পিয়া প্রতিবেদন

যোৱা মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা পাঁচখনীয়া টেষ্ট চিৰিজৰ অন্তিমখন মেচ ক’ভিডকালীন পৰিস্থিতিৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। উক্ত মেচখন দুয়োখন দেশে অতি সোনকালেই আয়োজন কৰিব বুলি ক্ৰিকেটপ্ৰেমীক আশ্বাস দিছিল। ইংলেণ্ড ক্ৰিকেট বোৰ্ড আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ মাজত হোৱা আলোচনাৰ অন্তত পঞ্চমখন টেষ্ট অহা বৰ্ষৰ ১ জুলাইৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। মেচখন পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি মানচেষ্টাৰৰ পৰিৱৰ্তে এচবেষ্টনতহে খেলোৱা হ’ব। ভাৰতে চিৰিজটোত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *