অলিম্পিয়া প্ৰতিবেদন
আজি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচত মুখামুখি হয় ডনবস্ক’ৰ প্ৰাক্তন ছাত্ৰ সমাজ। গুৱাহাটীৰ ডনবস্ক’ বিদ্যালয়ৰ ৯০ আৰু ৯২ বেচ্চ্ দুটাৰ মাজত অনুষ্ঠিত টি টুৱেন্টি মেচখনত ৯০ বেচ্চ্’ৰ হাতত ৯২ বেচ্চ্ ৬৩ ৰানৰ ব্যৱধানত পৰাস্ত হয়।
৯০ বেচ্চে্ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ২১০ ৰান কৰিবলৈ সক্ষম হয়। ৯০ বেচ্চ্ ৰ হৈ ৰাহুলদেৱ শৰ্মাই ৫৪, চাজ্জাদ জাহিৰ হুছেইনে ৩৯, জয়ন্ত শৰ্মাই ৩১ আৰু নাছিৰ গুল খানে ২১ ৰানৰ বৰঙণি আগবঢ়ায়। ২১১ ৰানৰ লক্ষ্য আগত লৈ ৯২ৰ বেচ্চে্ নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ১৪৭ ৰানহে কৰিবলৈ সক্ষম হয়। ৯২ বেচ্চ্’ৰ হৈ দ্বীপজ্যোতি বৰুৱাই ৪০, ৰামানুজ শৰ্মাই ২৯ আৰু সঞ্জীৱ হাজৰিকাই ২২ ৰানৰ বৰঙণি আগবঢ়ায়।

ইয়াৰ আগতে পুৱা মেচখনৰ শুভাৰম্ভণি কৰে ডন বস্ক’ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক গৌৰী শংকৰ শৰ্মাই। বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ বিমল ভৰালীয়ে।