Monday, October 3, 2022
HomeNewsগুৱাহাটীৰ ৰাজপথৰ ৯০ শতাংশ ঠাই গাড়ীৰ বাবে অথচ ৪২ শতাংশ লোকে চাইকেল...

গুৱাহাটীৰ ৰাজপথৰ ৯০ শতাংশ ঠাই গাড়ীৰ বাবে অথচ ৪২ শতাংশ লোকে চাইকেল আৰু খোজকাঢ়ি অহাযোৱা কৰে:আৰ্ছেল আখতাৰ

✍️ তুষাৰ প্ৰতিম

মানুহৰ স্বাস্থ্য ভালে ৰখা, স্বাস্থ্যৰ বাবে উপযোগিতা, সৰল প্ৰক্ৰিয়া, প্ৰদূষণ মুক্ত আদি অনেক বৈশিষ্ট্যৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৮ চনৰ ৩ জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় চাইকেল দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল। ক্ৰমবৰ্ধিত যান-যতৰ সমস্যা, প্ৰদূষণৰ সমস্যা আদিৰ বাবে চাইকেল দ্বিতীয় বিকল্প হৈ উঠিব পাৰেনেকি? চাইকেল চলালে কিদৰে লাভ হ’ব পাৰি বা চাইকেল চলালে চালক জনক হেয় জ্ঞান কৰা হয় নেকি? এনে বহু প্ৰশ্নৰ উত্তৰ দিলে গুৱাহাটীৰ বাইচাইকেল মেয়ৰ আৰ্ছেল আখটাৰে। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি কালি অলিম্পিয়াই অনুষ্ঠিত কৰা ফেচবুক লাইভত আখটাৰে অংশগ্ৰহণ কৰি চাইকেল সম্পৰ্কীয় বহু কথা অৱতাৰণা কৰাৰ উপৰিও বহু প্ৰশ্নৰ উত্তৰ দিয়ে।

“গুৱাহাটীত চাইকেল যাতায়তৰ বিকল্প মাধ্যম হৈ উঠিব পাৰে। কিয়নো গুৱাহাটীত অফিচ টাইমত এখন গাড়ীৰ গতিবেগ গড়ে ১৫ ৰ পৰা ২০ কিলোমিটাৰ হয়। কিন্তু চাইকেলখনেৰে ইয়াতকৈ তীব্ৰ গতিৰে যাব পাৰি।যিমানে সময় পাৰ হ’ব গাড়ীৰ এই গতিবেগ আৰু কমি আহিব। গতিকে চাইকেল গুৱাহাটীত যাতায়তৰ বিকল্প হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে।”_ গুৱাহাটী মহানগৰীত চাইকেল দ্বিতীয় বিকল্প হৈ উঠাৰ প্ৰসংগত এইদৰেই ক’লে বাইচাইকেল মেয়ৰ আৰ্ছেল আখতাৰে।

পিছে সাধাৰণ মানুহৰ মনত প্ৰশ্ন উদয় হয়, গুৱাহাটীৰ যান-যতৰ মাজত চাইকেল চলোৱাটো সম্ভৱনে? কিমান সুৰক্ষিত গুৱাহাটী চাইকেলৰ বাবে? এনে প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কালি আৰ্ছেল আখতাৰে ক’লে__
” চৰকাৰী তথ্য মতে গুৱাহাটীত ২১ শতাংশ মানুহে চাইকেলেৰে, ২১ শতাংশ মানুহে খোজেৰে, ১৮ শতাংশই নিজৰ গাড়ীৰে ভ্ৰমণ কৰে‌। গতিকে দেখা যায় যে মহানগৰীত চাইকেল আৰু খোজকাঢ়ি ৪২ শতাংশ মানুহ অহাযোৱা কৰে। কিন্তু ৰাজপথৰ ৯০ শতাংশ ঠাই গাড়ীৰ বাবে দিয়া হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই মানুহক চাইকেলৰ বাবে ঠাই উলিয়াই দিব পাৰিব লাগিব। কাৰণ মানুহে চাইকেল চলাবলৈ বিচাৰে, কিন্তু চাইকেলৰ বাবে ঠাই নাই। যদি সুৰক্ষাৰ কথালৈ চাওঁ তেনে গুৱাহাটী চাইকেলৰ বাবে এতিয়াও সুৰক্ষিত নহয়। বহু গাড়ী চালকে চাইকেলক গুৰুত্ব নিদিয়ে। বহু দুৰ্ঘটনাও হৈছে। ইয়াৰ বাবে সজাগতা লাগিব। গতিকে যিসকলে চাইকেল চলাই তেওঁলোকে এটা হেলমেট পৰিধান কৰি ল’ব লাগে। বহুতে কবলৈ বিচাৰে যে হেলমেট পিন্ধি চাইকেল চলাই গ’লে বহুতে সন্মান প্ৰদান কৰে। এই লোকসকলে চাইকেল চলোৱা মানুহক সন্মান দিব লাগিব।”

প্ৰসংগক্ৰমে আখতাৰে আকৌ কয় যে যিদৰে নেদাৰলেণ্ড আদি দেশত চাইকেল লেন আছে তেনেদৰে ইয়াতো চাইকেল লেনৰ দাবী তুলিব লাগে বা ব্যৱস্থা কৰিব লাগে। কিন্তু চাইকেল লেন দাবী কৰাৰ আগত কিমান মানুহে চাইকেল চলাই সেইটো নিশ্চিত হ’ব লাগিব। সেয়ে আমি প্ৰথমে চাইকেল ষ্টেণ্ড নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছোঁ।

কৰ’না মহামাৰীৰ বাবে দেশ স্তব্ধ হৈ আছিল। পৰ্যায়ক্ৰমে লকডাউনৰ এই নীতি নিয়ম শিথিল কৰা হৈছে। দীৰ্ঘদিনীয়া লকডাউনৰ ফলত বৰ্ধিত বায়ু প্ৰদূষণ হ্ৰাস হৈছিল। যান-বাহনৰ চলাচল বন্ধ হৈ থকাৰ বাবে কাৰ্বন নিৰ্গম নোহোৱা হৈছিল আৰু যান-যতৰ সংখ্যা শূন্য হৈছিল। লকডাউন শিথিলকৰণে পুনৰ যান-বাহন চলাচল কৰিবলৈ অনুমতি দিছে। ইয়াৰ মাজতে ভাল খবৰ এয়াই যে মহানগৰত চাইকেলৰ বিক্ৰী বৃদ্ধি হৈছে। চাইকেলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে। এই কথা জনাইছে আৰ্ছেল আখতাৰে। তেওঁ কালি কৈছে__ “লকডাউনৰ সময়ত মানুহে চাইকেল ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে‌। কিয়নো লকডাউন শিথিল হৈছে যদিও বহু নীতি নিয়ম বৰ্তী আছে। যান বাহনত যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত বহো নীতি নিয়ম আছে। সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰী কঢ়িয়াব লগীয়া হৈছে। এখন বাছত নিৰ্দিষ্ট কেইজনমান মানুহহে উঠাব পৰাৰ বাবে ভাড়া বৃদ্ধি কৰিবলগীয়া হৈছে। গতিকে এনে সময়ত মানুহে চাইকেলখনক বিকল্প ৰূপে ব্যৱহাৰ কৰিব পাৰে। মন কৰিবলগীয়া যে লকডাউনৰ সময়ছোৱাত বায়ু প্ৰদূষণ হ্ৰাস পোৱাৰ উপৰিও সামাজিক দূৰত্ব ৰক্ষা কৰিব পাৰি। বিশ্ব স্বাস্থ্য সংস্থায়ো চাইকেলৰ জৰিয়তে সামাজিক দূৰত্ব ৰক্ষা কৰিব পাৰি বুলি জনাইছে। এই সম্পৰ্কে ভাৰতৰ বাইচাইকেল মেয়ৰসকলে নিজৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকললৈ পত্ৰ লিখিছিল। মই আমাৰ মুখ্যমন্ত্ৰীলৈয়ো পত্ৰ লিখিছিলোঁ। মই ঠায়ে ঠায়ে বাইচাইকেল ষ্টেণ্ড নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিলো। চাইকেল আৰোহীসকলেও যাতে ট্ৰেফিকৰ নীতি নিয়ম মানি চলে তাৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু চাইক্লিষ্টসকলক যাতে অন্যান্য যান বাহনৰ আৰোহীসকলে সন্মান দিয়ে তাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে অনুৰোধ কৰিছিলোঁ।”

গুৱাহাটীত চাইকেলৰ ব্যৱহাৰ বা চাইকেলক Promote কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই।বিষয়েও আখতাৰে কালিৰ লাইভত সবিশেষ জনাইছে। তেওঁ কৈছে, “২০১৬ চনৰ পৰাই চাইকেলক Promote কৰিবলৈ বিভিন্ন ইভেণ্ট অনুষ্ঠিত হৈ আছে। বছৰত দুই দৰ্জনৰ ওপৰত অসমত চাইকেলৰ ইভেণ্ট অনুষ্ঠিত হৈ আছে। মোৰ নিজৰ এক এন জি অ’ ‘Pedal for a Change’ ৰ জৰিয়তে ইভেণ্ট অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও ‘We Too’ বুলি এক সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে। যাৰ জৰিয়তে চাইকেল চালক সকলক সন্মান দিয়াৰ উপৰিও ৰাষ্টাটো যে সকলোৰে সেয়া সকলোকে বুজাবলৈ চেষ্টা কৰা হয়।”

বৰ্তমান সময়ত গুৱাহাটীত কিমান মানুহে বাৰু চাইকেল চলাই বা কিমান চাইক্লিষ্ট আছে সেইবিষয়ে সবিশেষ তথ্য আছেনেকি বা কিমানে চাইকেলৰ প্ৰতি আগ্ৰহী সেই বিষয়ে কিবা তথ্য আছেনেকি? এনে এক প্ৰশ্নৰ উত্তৰত আখতাৰে কয়, “এতিয়া গুৱাহাটীত যিসকলে নিজৰ প্ৰয়োজনীয় কামৰ বাবে চাইকেলখন ব্যৱহাৰ কৰে অৰ্থাৎ প‌ইছাৰ অভাৱত চাইকেল চলাই দিন হাজিৰা কৰিবলৈ ওলাই যায় সেই মানুহখিনিৰ তথ্য কাৰো হাতত নাই। এই বৃহৎ সংখ্যক মানুহক বাদ দি গুৱাহাটীত বৰ্তমান ১০০০ ৰ পৰা ১৫০০ মান চাইক্লিষ্ট আছে। আমি বিভিন্ন সময়ত বিভিন্ন ইভেণ্ট অনুষ্ঠিত কৰি আহিছোঁ। তাৰ মাজৰ এক ইভেণ্ট হৈছে ফ্ৰীডম ৰাইডছ। ১৫ আগষ্টত অনুষ্ঠিত হোৱা এই ইভেণ্ট ২০১৭ চনৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে। এই ৰাইডত প্ৰতিবছৰে অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে‌। অংশগ্ৰহণকাৰীৰ সংখ্যা দুবছৰত ১০০ শতাংশ বৃদ্ধি পাইছে। ই এটা ভাল লক্ষ্যণ।আনহাতে যি চাম মানুহৰ হাতত প‌ইছা নাই, কামলৈ ওলাই অহাৰ সময়ত প‌ইছা ৰাহি কৰিবলৈকে চাইকেলখন চলাই ওলাই আহে তেনে মানুহ কিমান আছে তাৰ তথ্য নাই যদিও এই লোকসকলক চাইকেল চলাই যাবলৈ প্ৰেৰণা দিয়াৰ এক ব্যৱস্থা হাতত লোৱা হৈছে। এইচাম মানুহক বহুতে সন্মান নিদিয়ে। এই মানুহখিনিক সন্মান দিয়াৰ উপৰিও এওঁলোকে যাতে সদায় চাইকেল চলাই থাকে তাৰ বাবে প্ৰেৰণা দিয়াৰ এক ব্যৱস্থা হাতত লোৱাৰ কথা আমি চিন্তা কৰিছোঁ। নতুন প্ৰজন্মক চাইকেল চলোৱাৰ ক্ষেত্ৰত আকৰ্ষিত কৰিবলৈ হ’লে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব। যিমানেই অসমত প্ৰতীযোগিতা অনুষ্ঠিত হোৱাৰ সংখ্যা বৃদ্ধি পাব সিমানেই নতুন প্ৰজন্ম চাইক্লিংৰ বাবে বেছি আকৰ্ষিত হ’ব।”

চাইকেলৰ ব্যৱহাৰৰ ফলত যে সকলো ফালেই যোগাত্মক প্ৰভাৱ আছে সেয়া নিশ্চিত। ক্ৰমবৰ্ধিত জনসংখ্যা বৃদ্ধি, যান-যতৰ সমস্যা, প্ৰদূষণৰ সমস্যা আদিৰ প্ৰতি লক্ষ্য কৰি চাইকেলৰ প্ৰয়োজনীয়তাত কাৰো দ্বিমত নাই। কিন্তু নতুন নতুন প্ৰযুক্তিৰ যি চাইকেল বজাৰলৈ আহিছে সেই সকলো চাইকেল সকলোৰে বাবে উপযোগী হয়নে? এই প্ৰসংগত আৰ্ছেল আখতাৰে কয়, “নতুন চাইকেল এখন কিনাৰ ক্ষেত্ৰত প্ৰথমে আমি নিশ্চিত হ’ব লাগিব যে চাইকেলখন ক’ত, কেনেকৈ ব্যৱহাৰ কৰাৰ বাবে কিনিম। ভ্ৰমণ কৰিবলৈ নে, কামলৈ যাবলৈ নে ফিটনেছ ৰক্ষাৰ বাবে? ইয়াৰ পিছতে চাইকেলখন কেনেকুৱা কনিম সেইটো নিশ্চিত হৈ লব লাগিব। ইয়াৰ উপৰিও চাইকেলখন ক্ৰয়ৰ ক্ষেত্ৰত কিমান টকা খৰচ কৰিম সেইটোও লক্ষ্য কৰিব লাগিব। এতিয়া খুব জনপ্ৰিয় হৈছে MTB চাইকেল। ইয়াৰ বৈশিষ্ট্য হৈছে ই ওখোৰা মুখোৰা ঠাইত চলাবলৈও সুবিধা হয়। অৱশ্যে ইয়াৰ কেইবা প্ৰকাৰো আছে। আন এখন চাইকেল হ’ল ৰ’ড চাইকেল। ইয়াক খুব স্পিডত চলাব পাৰি। চকাটো সৰু হয়, হেণ্ডেলডাল তললৈ নমা। ইয়াৰো বিভিন্ন প্ৰকাৰ আছে। আমি দেখি থকা পুৰণি পাটি চাইকেলখনো আছে, যাক সকলোৱে ব্যৱহাৰ কৰা দেখা যায়। এইখন।চাইকেল ৪ বা ৫ হাজাৰত পাই যায়। ইয়াৰ পিছত হাইব্ৰিড চাইকেল যাক ৮ ৰ পৰা।১০ হাজাৰত পাই যায়‌। অৱশ্যে ইয়াৰ লগত সংলগ্ন হৈ থকা সুবিধাবোৰ যিমানেই বৃদ্ধি হ’ব সিমানেই দাম বাঢ়ি যায়। ইয়াৰ পিছত আছে MTB চাইকেল। এনেকুৱা এখন ভাল চাইকেল লবলৈ হ’লে ২০ হাজাৰৰ পৰা ক্ৰয় কৰিব পাৰে। গতিকে কিয় চাইকেল খন লবলৈ বিচাৰিছে আৰু বাজেট কিমান আছে চাই ল‌ওক। কিনাৰ আগত দোকানলৈ গৈ এবাৰ চলাই চাই লোৱাটো উচিত।”

উল্লেখ্য যে ২০১৬ চনত বেংকৰ চাকৰি এৰি ব্যৱসায় কৰিবলৈ আগবঢ়া আৰ্ছেল আখতাৰ ২০১৮ চনত গুৱাহাটীৰ বাইচাইকেল মেয়ৰ ৰূপে দায়িত্ব লাভ কৰিছে।

আনহাতে এনে এচাম মানুহ আছে যাৰ হাতত প‌ইছা নাই, কামলৈ ওলাই অহাৰ সময়ত প‌ইছা ৰাহি কৰিবলৈ চাইকেলখন চলাই ওলাই আহে তেনে মানুহখিনিক বহুতে সন্মান নিদিয়ে। এই মানুহখিনিক সন্মান দিয়াৰ উপৰিও এওঁলোকে যাতে সদায় চাইকেল চলাই থাকে তাৰ বাবে প্ৰেৰণা দিয়াৰ এক ব্যৱস্থা হাতত লোৱাৰ কথা চিন্তা কৰা হৈছে।

কি এই বাইচাইকেল মেয়ৰ :

নেদাৰলেণ্ড BYCS সংস্থাই বাইচাইকেল মেয়ৰ নামৰ এই পদবীটো দিছে। তেওঁলোকৰ এক মিচন ‘৫০/৩০’। এই মিচনক কাৰ্যকৰী কৰাৰ লক্ষৰে আগবাঢ়িছে BYSC। ‘৫০/৩০’ ৰ অৰ্থ হ’ল তেওঁলোকে বিচাৰিছে চহৰ এখনত যিমান মানুহে কামলৈ অহা-যোৱা কৰিব, সেই মানুহখিনি ২০৩০ চনৰ ভিতৰত যাতে চাইকেলেৰে কামলৈ অহা যোৱা কৰে। ই এটা গ্ল’বেল মিচন। ইয়াক কাৰ্যকৰী কৰিবলৈ ঠায়ে ঠায়ে একোজন মেয়ৰ দিয়ে। মই ২০১৮ চনৰ ২২ এপ্ৰিল তাৰিখে এই পদবী লাভ কৰিছিলোঁ। সেই সময়ত মই ভাৰতৰ দ্বিতীয় স্থানত আছিলোঁ আৰু বিশ্বৰ দশম স্থানত আছিলোঁ।সেই সময়ত ই ইমান জনপ্ৰিয় নাছিল। কিন্তু বৰ্তমান গোটেই ভাৰতত ৪৩ জন বাইচাইকেল মেয়ৰ আছে। এই মেয়ৰ সকলৰ কাম হৈছে চাইকেলক যাতায়তৰ মাধ্যম হিচাপে promote কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments