Friday, September 30, 2022
HomeNewsপাকিস্তানত ভাৰতীয় কাবাদী দল! ভাৰতীয় অলিম্পিক সন্থা, কাবাদী সন্থা,ক্ৰীড়া মন্ত্ৰালয়ৰ পাকিস্তানলৈ দল...

পাকিস্তানত ভাৰতীয় কাবাদী দল! ভাৰতীয় অলিম্পিক সন্থা, কাবাদী সন্থা,ক্ৰীড়া মন্ত্ৰালয়ৰ পাকিস্তানলৈ দল পঠিওৱাৰ কথা অস্বীকাৰ;

লাহোৰত ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে কাবাদীৰ বিশ্বকাপ। ইয়াৰ পূৰ্বে ২০১০ ৰ পৰা ২০১৯ লৈ ক্ৰমাগতভাৱে এই প্ৰতিযোগিতা ভাৰততে অনুষ্ঠিত হৈছিল আৰু প্ৰতিবাৰেই ভাৰত চেম্পিয়ন হৈছিল। কিন্তু প্ৰতিযোগিতাখন এইবাৰ পাকিস্তানত অনুষ্ঠিত হোৱা বাবে ভাৰতৰ অংশগ্ৰহণত অনিশ্চয়তাই দেখা দিছিল। ভাৰত চৰকাৰ অথবা ভাৰতীয় অলিম্পিক সন্থাই দলটোক পাকিস্তানলৈ পঠিওৱাৰ কোনো প্ৰশ্নই অৱতাৰণা হোৱা নাছিল। কিন্তু সকলোকে হতচকিত কৰি ভাৰতৰ এটা দল গৈ পাকিস্তান পালেগৈ। দলটোৱে কাবাদী বিশ্বকাপত অংশ লোৱাৰ বাবে যোৱা বুলি দাবী কৰিছে যদিও ভাৰতীয় অলিম্পিক সন্থা তথা ভাৰতীয় কাবাদী সন্থাই দলটোৰ এই দাবী নস্যাৎ কৰিছে। সংস্থা দুটাই স্পষ্টকৈ উল্লেখ কৰিছে যে ভাৰতৰ হৈ অংশগ্ৰহণৰ বাবে সন্থাই কোনো খেলুৱৈক পঠিওৱা নাই। ইফালে ক্ৰীড়া মন্ত্ৰণালয়ৰ এজন মুখপাত্ৰইও পাকিস্তানলৈ যাবলৈ কোনো দলকে অনুমতি প্ৰদান কৰা হোৱা নাই বুলি মন্তব্য কৰে।

ভাৰত চৰকাৰ তথা অলিম্পিক সন্থাই নপঠোৱাকৈ কিদৰে এটা কাবাদী দল ভাৰতৰ নাম লৈ পাকিস্তান পালেগৈ তাকে লৈ সৰ্বত্ৰে এতিয়া চৰ্চা অব্যাহত আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments