অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ নামত এক দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশই হাৰিয়ানাত অনুষ্ঠিত হ’বলগা চতুৰ্থ সংখ্যক খেল’ ইণ্ডিয়াত সুযোগ দিয়াৰ বাবদ অনলাইন পদ্ধতিৰে ধন সংগ্ৰহ কৰাত নামি পৰিছে।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ইতিমধ্যে এই লৈ লাভ কৰিছে অসংখ্য অভিযোগ। সমগ্ৰ দেশজুৰি এটা ভুৱা প্ৰতিষ্ঠানে খেলুৱৈৰ পৰা আৱেদন বিচাৰিছে য’ত খেল’ ইণ্ডিয়া কেম্পত অংশগ্ৰহণৰ নামত বিচৰা হৈছে ৬,০০০ টকা। সামাজিক মাধ্যমত বিয়পি পৰা বিজ্ঞাপনটোত আগ্ৰাৰ এজন ব্যক্তিৰ মোবাইল নম্বৰ পৰ্যন্ত দিয়া হৈছে। বিজ্ঞাপনটোত আনকি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যান বিভাগ,ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰতীক চিহ্নও ব্যৱহাৰ কৰা হৈছে।
ছাইয়ে ইতিমধ্যে ঘটনা সম্বন্ধত উত্তৰ প্ৰদেশ পুলিচৰ ওচৰত এফ আৰ আই দাখিল কৰিছে।