Wednesday, October 5, 2022
HomeNewsৰাষ্ট্ৰীয় ফেন্সিঙত পদক লাভ কৰা দীপা যোশীক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ফেন্সিঙত পদক লাভ কৰা দীপা যোশীক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

পঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং প্ৰতিযোগিতাত অসমৰ ছোৱালী দলটোৱে দলগত শাখাৰ ইপিত ব্ৰঞ্জৰ পদক লাভ কৰে । অসমৰ এই দলটোত আছে শিলচৰৰ কবিতা দেবী,তিনিচুকীয়াৰ ডিম্পী মৰাণ, দীপা যোশী আৰু ভাগ্যশ্ৰী নেওগী । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈকে পঞ্জাৱৰ অমৃতসৰত । পদক জয় কৰা দীপা হ’ল ডুমডুমা ৰূপাই বাগান নিৱাসী ভক্তি যোশী আৰু লক্ষ্মী যোশীৰ কন্যা তথা তিনিচুকীয়া মহিলা কলেজৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী । দীপা যোশীক ডুমডুমা কলেজ গোটৰ এটা সজাতি দলৰ লগতে কেইবাটাও দল-সংগঠন তথা মহিলা সমিতিৰ তৰফৰ পৰা ফুলাম গামোছা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments