Wednesday, July 6, 2022
HomeNewsঅলিম্পিয়া ফেচবুক লাইভ:জীৱনৰ প্ৰথমখন আন্তৰ্জাতিক, মাইকেল ফেল্পছৰ সৈতে সাঁতোৰাকে আদি কৰি বহু...

অলিম্পিয়া ফেচবুক লাইভ:জীৱনৰ প্ৰথমখন আন্তৰ্জাতিক, মাইকেল ফেল্পছৰ সৈতে সাঁতোৰাকে আদি কৰি বহু কথাই ক’লে ফাৰিহাই

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

তিনি বছৰ বয়সতে পানীৰ প্ৰেমত পৰিছিল তেওঁ। টেলিভিছনৰ পৰ্দাত সাঁতোৰৰ দৃশ্য দেখি ৰোমাঞ্চিত হৈ পৰা সেই শিশুটিয়েই এসময়ত অসমৰ নাম উজলাই তুলিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। অসম সাঁতোৰৰ এসময়ৰ চাঞ্চল্য সেই ফাৰিহা জামানেই শুক্ৰবাৰে অংশগ্ৰহণ কৰিলে Olympiasports.in ৰ ফেচবুক লাইভ অনুষ্ঠানত।

অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী অলিম্পিয়াৰ ডিজিটেল সংস্কৰণ Olympiasports.in য়ে লকডাউনৰ এই সময়ছোৱাত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিৰ লাইভ অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। ফেচবুক লাইভৰ এইবাৰৰ অনুষ্ঠানত অসমৰ আন্তৰ্জাতিক সাঁতোৰবিদ ফাৰিহা জামানে অংশ গ্ৰহণ কৰি তেওঁৰ জীৱনৰ বহু কথায়েই অলিম্পিয়াৰ পাঠকৰ আগত প্ৰকাশ কৰে।

লাইভ অনুষ্ঠানটোত ফাৰিহা জামান

সুযোগ পালেই পুনৰ অসমলৈ আহিবলৈ ইচ্ছা পুহি ৰখা ফাৰিহা বৰ্তমান আছে ডুবাইত। ডুবাইৰ পৰাই এই অনুষ্ঠানত অংশ লয় সাঁতোৰবিদগৰাকীয়ে। অসমৰ বহুকেইজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দি পুনৰ অতীতলৈ ঘূৰি যায় ফাৰিহা। অসমৰ পৰা ডুবাইলৈ যোৱাৰ কাৰণ সোধাত ফাৰিহাই কয়, ” অসমৰ পৰা মই প্ৰথমে পুনে, তাৰ পিছত বেংগালুৰুলৈ যাওঁ। তাৰ পিছতে মূলত বৃত্তিগত কাৰণত ডুবাইলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। প্ৰথম অৱস্থাত মই ডুবাইত গৈ স্কোৱাছত নিজৰ কেৰিয়াৰ গঢ়ো বুলি ভাবিছিলোঁ। কিন্তু পিছত অনুভৱ কৰিলো যে সাঁতোৰৰ বাহিৰে আন ক্ষেত্ৰৰ বাবে যেন মই জন্মই হোৱা নাই। সেইবাবে সাঁতোৰ অব্যাহত ৰাখি তাৰ সৈতে জড়িত কামত নিয়োজিত হ’লো। ”

সাঁতোৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিল ফাৰিহা? এজনে কৰা এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ নষ্টালজিক হৈ পৰে ফাৰিহা। তেওঁ কয়, “মই যেন জন্মতেই সাঁতোৰ লৈ আহিছিলোঁ। তেতিয়া মোৰ বয়স আছিল তিনি বছৰ। টেলিভিছনৰ পৰ্দাত সাঁতোৰৰ দৃশ্য প্ৰত্যক্ষ কৰি মই আম্মাক চিঞৰি কৈ উঠিছিলোঁ, ‘ নীলা পানী, নীলা পানী।’ সেয়াই হয়তো আৰম্ভণি। আম্মাই গম পাইছিল সাঁতোৰৰ প্ৰতি থকা মোৰ অনুৰাগৰ কথা। তেওঁ এদিন মোক চুইমিং পুললৈ লৈ গ’ল আৰু তেনেকৈয়ে ৩ বছৰ বয়সত মোৰ সাঁতোৰ আৰম্ভ হৈছিল। সাত বছৰ বয়সত মই মোৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লওঁ। সেই খন আছিল এখন স্কুল গেমছ।”

অনুষ্ঠানটোত জীৱনৰ প্ৰথমজন প্ৰশিক্ষকৰ কথা ৰোমন্থন কৰি ফাৰিহাই কয় যে তেওঁৰ বাবেই আজি ফাৰিহা এই স্থানত উপনীত হ’বলৈ সক্ষম হ’ল। উল্লেখযোগ্য যে ৰবীন্দ্ৰ মোদকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই ফাৰিহাই বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ১৩ বছৰীয়া এক অভিলেখ ভংগ কৰি শ্ৰেষ্ঠ সাঁতোৰবিদৰ সন্মান লাভ কৰিছিল।

অসমৰ পৰা বহু সময়ত জুনিয়ৰ পৰ্যায়ত প্ৰতিভাৱান সাঁতোৰবিদৰ সৃষ্টি হয় যদিওঁ ছিনিয়ৰ পৰ্যায়লৈ যোৱাত ব্যৰ্থ হোৱাৰ প্ৰসংগত ফাৰিহাই কয় যে এইক্ষেত্ৰত সাঁতোৰবিদসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় । প্ৰথমটো প্ৰত্যাহ্বান হৈছে সাঁতোৰৰ পিছত তেওঁলোকে ভৱিষ্যতে কি কৰিব তাৰ এখন পৰিষ্কাৰ ছবি দেখিবলৈ পোৱা নাযায়। তাৰ পিছতে তেওঁ কয় যে সাঁতোৰবিদসকলক প্ৰয়োজন এক দীৰ্ঘকালীন পৰিকল্পনাৰ। আনকি মনোবিজ্ঞানয়েও এই ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে এই ক্ষেত্ৰত। কেতিয়াবা এনে সময় আহে যেতিয়া খেলুৱৈ এগৰাকীয়ে সাঁতোৰ বাদ দিয়াৰ কথাও ভাবিব পাৰে। তেতিয়া সাঁতোৰবিদ এগৰাকীক কাউন্সেলিঙৰো প্ৰয়োজন হয়। অৱশ্যে বৰ্তমান পৰিৱেশ আগৰ দৰে হৈ থকা নাই বুলি মন্ত্যব কৰে সাঁতোৰবিদগৰাকীয়ে।

উল্লেখযোগ্য যে স্মৰণীয় মুহুৰ্তৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয় যে প্ৰতিখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মুহুৰ্তবোৰ তেওঁৰ স্মৰণীয়। বিশ্ব সাঁতোৰৰ সম্ৰাট মাইকেল ফেল্পছৰ সংস্পৰ্শলৈ অহাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে মাইকেল ফেল্পছৰ সৈতে তেওঁ সাঁতোৰতো অংশ লৈছিল। সেই সময়খিনি তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময় বুলি অভিহিত কৰে তেওঁ। তাৰ লগতে ২০০৭ চনত অসমত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত অসমৰ শিবিৰৰ সৈতে সময়খিনিৰ কথাও ৰোমন্থন কৰে ফাৰিহাই। তাৰোপৰি ৫০ মিটাৰ ব্ৰেকষ্ট্ৰোকত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ মুহুৰ্তও এক স্মৰণীয় মুহূৰ্ত হিচাবে উল্লেখ কৰে তেওঁ।

অসমৰ নৱতম সাঁতোৰ চাঞ্চল্য শিৱাংগী শৰ্মাৰ বিষয়ে সোধা এক প্ৰশ্নত সাঁতোৰবিদগৰাকীৰ সৈতে তেওঁ সম্পৰ্কত থকা বুলি উল্লেখ কৰে ফাৰিহাই। শিৱাংগীক বৰ্তমানৰ দৰেই আগুৱাই যাবলৈ পৰামৰ্শ দিয়ে ফাৰিহাই। লক্ষ প্ৰাপ্তিৰ প্ৰতি স্থিৰ দৃষ্টি ৰখাৰ উপৰিও জুনিয়ৰতেই যে সাঁতোৰ শেষ নহয় সেই কথা মনত ৰাখিবলৈও পৰামৰ্শ দিয়ে ফাৰিহাই।

ভাৰতৰ পৰা আজিলৈ কোনেও অলিম্পিকত পদক অৰ্জন কৰিব নোৱাৰাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে বংশানুক্ৰমিক কাৰণ তথা আৰ্থিক দিশ দুটাই অলিম্পিকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২০০৬ বৰ্ষত চীনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ অনুভৱ সম্পৰ্কে উল্লেখ কৰি কয় যে সেয়া আছিল এক অনন্য অনুভৱ। তাত গৈ বহু আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদৰ সৈতে একেলগে সাঁতোৰত ভাগ লোৱাটো এক সুকীয়া অনুভৱ আছিল। লগতে ভাৰতৰ জাৰ্চি পৰিধান কৰাৰ আনন্দও সুকীয়া বুলি ব্যক্ত কৰি কয় যে সেই অনুভৱ আন একোৰে সৈতে তুলনা নহয়।

উদীয়মান সাঁতোৰবিদসকলক উদ্দেশ্যি কয় যে তেওঁলোকে খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰি এটা সঠিক ডায়েট অনুসৰণ কৰিলে সাঁতোৰবিদ সকলে সুফল লাভ কৰিব।

উল্লেখযোগ্য যে গুৱাহাটীৰ জীয়ৰী, ব্ৰেকষ্ট্ৰোকৰ ৰাণী ফাৰিহাই খেলুৱৈ জীৱনত ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বমুঠ ৬০ টাকৈ স্বৰ্ণ, ২৮ টা ৰূপ আৰু ১৬ টাকৈ ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়। ঠিক সেইদৰে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ১২০ টা স্বৰ্ণ, ৫৬ টা ৰূপ আৰু ১৩ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৬ চনত কলম্বোত হোৱা ছাউথ এছিয়ান গেমছত ৫০, ১০০,২০০ মিটাৰ ব্ৰেকষ্ট্ৰোকৰ লগতে ৪×১০০ মিটাৰ মেডলী ৰিলেত সোণৰ পদক অৰ্জনেৰে ঈর্ষণীয় সফলতা লাভ কৰাই নহয়, চাৰিটাকৈ নতুন অভিলেখো গঢ়িবলৈ সক্ষম হৈছিল ফাৰিহাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments