Tuesday, October 4, 2022
HomeNewsফৰকাটিং ক্ৰিকেট গ্ৰাউণ্ড আৰু ক্ৰিকেট পেভিলিয়ন উদ্বোধন

ফৰকাটিং ক্ৰিকেট গ্ৰাউণ্ড আৰু ক্ৰিকেট পেভিলিয়ন উদ্বোধন

অলিম্পিয়া প্ৰতিবেদন

ফৰকাটিঙত এক অভিলাষী ক্ৰীড়া প্ৰকল্পৰ কাম সম্পূৰ্ণ । অসম ক্ৰিকেট সন্থাৰ তদাৰকত ফৰকাটিঙে অৱশেষত পালে ফচল । ফৰকাটিং ক্ৰিকেট গ্ৰাউণ্ডৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ।

অসম ক্ৰিকেট সন্থাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত গোলাঘাট জিলাৰ ফৰকাটিঙত ফৰকাটিং ক্ৰিকেট গ্ৰাউণ্ড আৰু ক্ৰিকেট পেভিলিয়নটো শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে । অসম ক্ৰিকেট সন্থাই ফৰকাটিং স্প’ৰ্টছ এছ’চিয়েচনৰ খেলপথাৰত ৭৫ লাখ টকা ব্যয়েৰে তিনিটা ক্ৰিকেট উইকেট, অনুশীলন উইকেট, দুটা ড্ৰেছিং ৰুম, ডাইনিং হল, অফিচ আৰু এটা জীম সংলগ্ন এই খেলপথাৰ নিৰ্মাণ কৰা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বেটিং কৰিলে এই নতুন গ্ৰাউণ্ডত ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিত ফুকনৰ লগতে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াসহ সন্থাৰ বিষয়ববীয়াসকল আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ ।


জিলাখনৰ ক্রীড়াৰ পৰিৱেশ বিকাশত ই উল্লেখনীয় ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে । ক্ৰীড়া অনুৰাগীয়ে কামনা কৰিব এই ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন কৰি গোলাঘাট জিলাৰ লগতে ফৰকাটিং বৃহত্তৰ অঞ্চলটোৰ খেলুৱৈসকল উপকৃত হ’ব । স্ব-প্ৰতিভা তথা উপযুক্ত প্ৰশিক্ষণৰে ভাৰতীয় ক্ৰিকেট ক্ষেত্রলৈ ধাৱমান হওক তৰুণ ক্ৰিকেটাৰসকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments