Thursday, July 7, 2022
HomeNewsখেতিয়কৰ ফুটবলাৰ কন্যাই স্থান পালে হাভাৰ্ড বিশ্ববিদ্যালয়ত; বলিউডৰ উচ্চ প্ৰশংসা

খেতিয়কৰ ফুটবলাৰ কন্যাই স্থান পালে হাভাৰ্ড বিশ্ববিদ্যালয়ত; বলিউডৰ উচ্চ প্ৰশংসা

অলিম্পিয়া প্ৰতিবেদন

যুৱতীগৰাকীৰ নাম সীমা কুমাৰী। ঝাৰখণ্ডৰ এটা তেনেই পিছ পৰা অঞ্চলৰ এইগৰাকী যুৱতীয়ে শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। ঝাৰখণ্ডৰ YUWA নামৰ এটা আৱাসিক শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী দখল কৰি সীমাই এতিয়া আকাশ চোৱাৰ সুযোগ লাভ কৰিছে। অশিক্ষিত পিতৃ মাতৃৰ সন্তান সীমাই অতি শেহতীয়াকৈ কেম্ব্ৰিজৰ হাভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিছে। কেৱল হাভাৰ্ড বিশ্ববিদ্যালয়তে নহয়, অশোকা বিশ্ববিদ্যালয়, মিডলবেৰী কলেজ আৰু ট্ৰিনিটি কলেজতো স্থান লাভ কৰিছে সীমাই। অৱশ্যে, সীমাই পঢ়াৰ বাবে নিশ্চয়কৈ হাভাৰ্ডকে বাছি ল’ব। সম্পূৰ্ণ বৃত্তিৰে সৈতে বিশ্বৰ এখন অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰা সীমাৰ এই কাহিনী প্ৰকৃতাৰ্থতে প্ৰেৰণাদায়ী।

ঝাৰখণ্ডৰ ওৰমাঝি নামৰ এটা ভিতৰুৱা অঞ্চলত সীমাৰ ঘৰ। পিতৃ মাতৃয়ে আনৰ মাটিত খেতি কৰি পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰে। সীমাৰ দেউতাকে এটা ফেক্টৰীত শ্ৰমিকৰ কামো কৰে। সীমাৰ বাবে শৈশৱ,কৈশোৰৰ বৰ বেছি প্ৰভেদ নাছিল। হয়তো YUWA ৰ মুখ নেদেখাহেঁতেন কেতিয়াবাই বিবাহত বহিলেহেঁতেন সীমা। কিয়নো তেতিয়াও সীমাহতৰ অঞ্চলত প্ৰচলন আছিল বাল্য বিবাহৰ। শিক্ষাও সীমাৰ বাবে এক অকল্পনীয় সপোন আছিল। কিন্তু, YUWA ই সীমাক সেই অনিশ্চয়তাৰ পৰাও উদ্ধাৰ কৰিছিল।

YUWA হৈছে এক আৱাসিক শৈক্ষিক প্ৰতিষ্ঠান।ঝাৰখণ্ডৰ পিছ পৰা শ্ৰেণীৰ দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ বাবে উৎসৰ্গিত এই আৱাসিক শৈক্ষিক প্ৰতিষ্ঠান। ২০১২ চনত সীমাই উক্ত শৈক্ষিক প্ৰতিষ্ঠানৰ ফুটবল দলত যোগ দিয়ে। ইয়াৰ কিছু বছৰ পিছত সীমাই ফুটবল প্ৰশিক্ষক ৰূপে আত্মপ্ৰকাশ কৰে। তাৰ বাদে সীমাৰ পঢ়াৰ খৰছ উলিওৱাৰ অন্য একো পথ নাছিল। এনেদৰেই সীমাই সপোনৰ পিছে পিছে দৌৰিছিল, অশেষ কষ্ট কৰিছিল আৰু অৱশেষত সেই কষ্টৰ স্বীকৃতিয়েই যেন লাভ কৰিলে সীমাই।

কৰোনাকালীন পৰিস্থিতিৰ বাবে এইবাৰ হাভাৰ্ড বিশ্ববিদ্যালয়য়ে সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীহে গ্ৰহণ কৰিছে। সীমাই তাৰ মাজতো তাইৰ বাবে এখন আসন দখল কৰাত সফল হ’ল।

সীমাৰ এই সফলতাত বলিউড তাৰকা প্ৰিয়ংকা চোপ্ৰাই আনন্দ প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত সীমাৰ উচ্চ প্ৰশংসা কৰি উল্লেখ কৰিছে যে ভৱিষ্যতে সীমাই কি কৰে সেয়া চাবলৈ তেওঁ উদীগ্ৰতাৰে বাট চাব। ইপিনে, লিংগ সমানতাৰ বাবে কাম কৰি অহা মেগাষ্টাৰ অমিতাভ বচনৰ নাতিনী নব্য নভেলী নন্দায়ো সীমাক প্ৰশংসাৰে উপচাই পেলাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments