Wednesday, July 6, 2022
HomeNewsকৃষক বিদ্রোহ: অলিম্পিক বিজয়ী প্ৰাক্তন প্ৰশিক্ষক গুৰবক্স সিং সন্ধুই ঘূৰাই দিব দ্ৰোণাচার্য

কৃষক বিদ্রোহ: অলিম্পিক বিজয়ী প্ৰাক্তন প্ৰশিক্ষক গুৰবক্স সিং সন্ধুই ঘূৰাই দিব দ্ৰোণাচার্য

অলিম্পিক প্ৰতিবেদন

পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ বিদ্ৰোহে ক্ৰমাৎ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এখন কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে শেহতীয়াকৈ দেশৰ লাখ লাখ কৃষকে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে। কৃষকসকলৰ এই বিদ্ৰোহে সৰ্ব স্তৰৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা সকলো আলোচনা বিলোচনা ইতিমধ্যে বিফল হৈছে।

বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক জড়িত হৈ পৰা এই কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে দেশৰ চলচিত্ৰ জগতৰ তাৰকাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতৰো বিভিন্নজনে। পঞ্জাৱৰ প্ৰায় ১৫০ গৰাকী এথলিট, প্ৰশিক্ষকে তেওঁলোকে লাভ কৰা বিভিন্ন বঁটা বাহন ঘূৰাই দিয়াৰ হুংকাৰ দিয়াৰ পিছত এইবাৰ দ্ৰোণাচার্যৰ দৰে সন্মানীয় এটা ক্ৰীড়া বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে ভাৰতৰ জাতীয় বক্সিং দলৰ প্ৰাক্তন প্ৰশিক্ষক গুৰবক্স সিং সন্ধুই। তেওঁ কয় যে যদি কৃষকৰ দাবিসমূহ মানি লোৱা নহয়, তেন্তে তেওঁ দ্ৰোণাচার্য বঁটা ঘূৰাই দিব।

উল্লেখযোগ্য যে তেওঁ প্ৰশিক্ষক হিচাবে দায়িত্ব পালন কৰাৰ সময়তে ভাৰতীয় বক্সাৰে অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় দুটা দশক ধৰি তেওঁ ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ তেওঁ ভাৰতীয় মহিলা বক্সাৰসকলকো প্ৰশিক্ষণ প্ৰদান কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments