অলিম্পিয়া প্ৰতিবেদন
গণতন্ত্ৰ দিৱসৰ দিনাই মুকলি কৰা হ’ব ভাৰতত নিৰ্মিত পাবজি আৰ্হিৰ প্ৰথমটো অনলাইন গেম। দেশত পাবজি নিষিদ্ধ কৰাৰ পিছতেই পাবজিৰ আৰ্হিত ফৌজি নামৰ গেমটো উপলব্ধ হোৱাৰ কথা ঘোষণা কৰা হৈছিল। FAU-G অৰ্থাৎ ফিয়াৰলেছ এন্ড ইউনাইটেড গার্ডছ নামৰ গেমটো তৈয়াৰ কৰিছে nCORE ভিডিঅ’ নামৰ অনলাইন গেমছ নির্মাণকাৰী সংস্থাই।
দেশত পাবজি নিষিদ্ধ কৰাৰ কেইদিনমান পিছতেই এই গেমৰ মুকলি কৰা হৈছিল। বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে সামাজিক মাধ্যমযোগে FAU-G গেমৰ আগমনৰ খবৰ দিছিল। বিগত বছৰৰ নৱেম্বৰৰ শেষ সপ্তাহত গুগল প্লে-ষ্ট’ৰত ফৌজিৰ প্রি-ৰেজিস্ট্রেছন আৰম্ভ হৈছিল। ২৪ ঘণ্টাৰ ভিতৰতে বহু লাখ গেমপ্রেমীয়ে ফৌজিৰ প্রি-ৰেজিস্ট্রেছন কৰা দেখা গৈছিল।
বেংগালুৰুৰ nCORE Games ডেভেলপাৰ্ছ নামৰ সংস্থা টোৱে ঘোষনা কৰা অনুসৰি দেশৰ যুৱ প্ৰজন্মৰ মাজলৈ এই গেম মুকলি কৰি দিয়া হব ২৬ তাৰিখে। সেই দিনাৰ পৰাই প্লে-ষ্ট’ৰত উপলব্ধ হ’ব এই গেম।