Friday, September 30, 2022
HomeNewsফেডাৰেচন কাপ এথলেটিকছত অসমৰ অম্লান-হিমাৰ স্বৰ্ণ জয়:ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপলৈ যোগ্যতা...

ফেডাৰেচন কাপ এথলেটিকছত অসমৰ অম্লান-হিমাৰ স্বৰ্ণ জয়:ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন অম্লানৰ

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা অব্যাহত ।কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ
ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন । পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে । প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাইত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে । আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে ।উল্লেখ্য যে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে । দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments