অলিম্পিয়া প্ৰতিবেদন
হাৰিয়ানাৰ পানীপথত অহা ২৫-২৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব ২৯ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং প্ৰতিযোগিতা । বৃহস্পতিবাৰে অসমৰ ২৪ জনীয়া দলটো ৰাওনা হৈছে । অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মাই জনোৱা অনুসৰি অসম দলৰ খেলুৱৈসকল হ’ল– ৰাজীৱ বড়ো, ঋতুপণ দহোতীয়া,ৰণবীৰ মেইটেই, দেবৰাজ ডেকা, পাৰ্থৰক্তিম হাজৰিকা, অমনদ্বীপ লামা, দ্বীপ জ্যোতি ভট্টাচাৰ্য, প্ৰানজিত নেওগ, চিনয় দত্ত, প্ৰথম দাস, জয় প্ৰকাশ ৰাভা, হেমচান্দ ৰাভা, স্মিতা দাস, দেৱীকা বৰা, ৰিচিত মাংগালামবাম, পালমণি বৰগোঁহাই , কৰিস্মিতা মৰাণ, চয়নিকা গগৈ, সীতা তেলি, নেহা ৰাভা, সুপ্ৰিয়া বৰা, শিখাশ্ৰী নাথ, ডলি গগৈ আৰু লিজা দাস । দলৰ প্ৰশিক্ষক শ্যাম সিংহ আৰু চুমি দত্ত । অসমৰ পৰা ৰেফাৰী হিচাপে গৈছে মানিক বড়ো।