Friday, September 30, 2022
HomeNewsFESH ৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

FESH ৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

অলিম্পিয়া প্রতিবেদন

সমগ্ৰ দেশৰ লগতে শনিবাৰে ডিব্ৰুগড়তো অতি উলহ মালহেৰে গান্ধী জয়ন্তীৰ কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড় জিলাৰ বকুল হাইস্কুলৰ খেলপথাৰত নেটবল সন্থা ডিব্ৰুগড় আৰু FESH(Foundation for Education Sports and health) ৰ উদ্যোগত গান্ধী জয়ন্তীৰ লগতে লাল বাহাদুৰ শাস্ত্ৰী দেৱ সম্বন্ধেও অবগত কৰোৱা হয় । অনুষ্ঠানত সমল ব্যক্তি হিচাবে বকুল চাহ বাগিচাৰ জেষ্ঠ পৰিচালক মাননীয় ছাবিক আহমদ কল্যাণ বিষয়া নিতুল শইকীয়া ,পোনা ৰাম মেচ, কৰুণ মেচ ,অজয় দত্ত,বিষ্ণু গোহাঁই, জগনাথ দুৱাৰাৰ লগতে খেলুৱৈৰ অভিভাবক অভিভাবিকা সকলো উপস্থিত আছিল।

অনুষ্ঠানটোৰ পৰিচালনাত আছিল নেটবল ডিব্ৰুগড় আৰু FESH সম্পাদক ৰাতুল মণি মহন্ত, উপ-সভাপতি মনোৰঞ্জন হাজৰিকা, প্ৰশিক্ষক অংকিত মহন্ত, কাৰ্য্যকৰী সদস্য ৰমেশ বৰুৱা, সদস্যা অজানিতা মহন্ত।অনুষ্ঠানটোৰ পৰিচালনা কৰি বকুল চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক ছাবিক আহমেদ ডাঙৰীয়াই খেলৰ বিজয়ী দল সমূহক বঁটা প্ৰদান কৰি উদগনি জনায় । অনুষ্ঠানটোৰ পৃষ্ঠপোষকতাত আছিল N A D আৰু FESH ৰ সভাপতি ডা: অমৃত বৰুৱা ,কোষাধক্ষ ভুৱন মোহন গোস্বামী, কাৰ্য্যকৰী সদস্যা জয়শ্ৰী বৰুৱা, দীপা বৰগোঁহাই , সদস্য দেবনাথ গুৱালা আৰু পবিত্ৰ গগৈ ।

উল্লেখ্যযোগ্য যে ডিব্ৰুগড় জিলাৰ এই নেটবল কেন্দ্ৰৰ যোগেদি নেটবলৰ নিয়মীয়াকৈ শিক্ষাদান দিয়াৰ ব্যৱস্থা পুনৰ আৰম্ভ কৰা হৈছে। শনিবাৰৰ উক্ত অনুষ্ঠানটো আত ধৰে বকুলহাইস্কুলৰ শাৰীৰিক শিক্ষক তথা ডিব্ৰুগড়ৰ খো খো এছ’ছিয়েচনৰ সম্পাদক
মনোৰঞ্জন হাজৰিকাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments