অলিম্পিয়া প্ৰতিবেদন
অৱশেষত ফিফাৰ অধ্যক্ষ জিয়ানি ইনফেনটিন’ আক্ৰান্ত হ’ল কৰ’না মহামাৰীত। সন্থাই এটা প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰে। তেওঁৰ শৰীৰত মৃদু উপসৰ্গই দেখা দিছে যাৰ বাবে তেওঁ ১০ দিন পৃথকে থকাৰ সিদ্ধান্ত লৈছে।
যোৱা দিনকেইটাত ফিফাৰ অধ্যক্ষৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিকে প্ৰয়োজনীয় সাৱধানতা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সন্থাটোৱে। ফিফাই বিবৃতিটোত অধ্যক্ষজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।