Tuesday, October 4, 2022
HomeNewsদুবছৰৰ অন্তৰালত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ?

দুবছৰৰ অন্তৰালত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ?

অলিম্পিয়া প্রতিবেদন

ফিফা বিশ্বকাপ বুলিলেই এক শিহৰণ। বিশ্ব ফুটবলৰ মহাৰণক লৈ বিশ্বৰ ফুটবল অনুৰাগীৰ আগ্ৰহৰ সীমা সংখ্যা নাই। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপ ফুটবলৰ ব্যৱধান এতিয়া দুবছৰলৈ হ্ৰাস কৰাৰ চিন্তা চর্চা কৰিছে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই। ফিফালৈ এই প্ৰস্তাৱ আগবঢ়াইছে চৌদি আৰবিয়ান ফুটবল ফেডাৰেচনে।

দেশখনৰ ফুটবল সংস্থাটোৰ মুৰব্বী য়াছেৰ আল মিছেহালে এই বিশেষ প্ৰস্তাৱ আগবঢ়াই কৈছে যে ফুটবল আজি এক কঠিন পৰিস্থিতিৰ সম্মুখীন হৈছে। কৰোনাসৃষ্ট পৰিৱেশৰ বাবে প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা বিশ্ব ফুটবলে নতুন ধৰণে চিন্তা চৰ্চা কৰিব লাগিব। বিশ্ব ফুটবলৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত হৈ থাকিব সেই সম্পৰ্কে নতুনকৈ চিন্তা চৰ্চা কৰাৰ সময় সমাগত।

সম্প্ৰতি ফিফাই চৌদি আৰবিয়ান ফুটবল ফেডাৰেচনৰ এই প্ৰস্তাৱ সম্পৰ্কত বিস্তৃত অধ্যয়নৰ পোষকতা কৰিছে। ফিফাৰ অধ্যক্ষ গীয়ানি ইনফেন্টিন’ই উল্লেখ কৰা অনুসৰি চৌদি আৰবিয়ান ফুটবল ফেডাৰেচনৰ এই প্ৰস্তাৱৰ পক্ষত এই পৰ্যন্ত ১৬৬ খন সদস্য ৰাষ্ট্ৰই মতদান কৰিছে। বিপৰীতে ২২ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments