Tuesday, October 4, 2022
HomeNewsবিশ্ব ফুটবলৰ পৰা ৰাছিয়াক নিষিদ্ধ কৰিবলৈ বাধ্য হ'ল ফিফা

বিশ্ব ফুটবলৰ পৰা ৰাছিয়াক নিষিদ্ধ কৰিবলৈ বাধ্য হ’ল ফিফা

অলিম্পিয়া প্ৰতিবেদন

তেজেৰে ৰক্তাক্ত ইউক্ৰেইনৰ ভূমি । ৰাজনৈতিক হিংসাই পুৰি মাৰিছে হেজাৰ হেজাৰ জনতাক । গুলি বাৰুদৰ শব্দ আৰু ধোঁৱাৰ মাজতে চলিছে ফুটবলৰো এখন শীতল যুজঁ । ফুটবলৰ বৃহৎ দুটা সন্থা ফিফা আৰু ইউৰোপৰ ফুটবল সন্থা উয়েফাই অনিদিষ্ট কাললৈ নিষিদ্ধ কৰিছে ৰাছিয়াক । দুয়োটা সন্থাৰ নিৰ্দেশনা মতে ৰাছিয়া জাতীয় দল বা ৰাছিয়াৰ ফুটবল সন্থাসমূহে আন্তৰ্জাতিক ফুটবলৰ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব । ইতিমধ্যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া কাটাৰ বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে সাজু হৈছিল ৰাছিয়া জাতীয় ফুটবল দল । লগতে অহা ২৪ মাৰ্চত পোলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলাৰ কথাও আছিল জাতীয় দলটোৱে । কিন্তু এই সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছতেই পোলেণ্ডে স্পষ্টভাৱে ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাটো সম্ভৱ নহয় বুলি ঘোষণা কৰে । আনহাতে ইউৰোপা লীগতো জাৰ্মানীৰ আৰ বি লীপজিগৰ বিৰুদ্ধে ফুটবলৰ যুজত মুখামুখি হোৱাৰ কথা আছিল ৰাছিয়াৰ ক্লাব স্পাৰ্টাক মস্কো । কিন্তু ইউক্ৰেইন আৰু ৰাছিয়াৰ যুজখনৰ বাবে ফিফা আৰু উয়েফা ফুটবলৰ পৰা সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ল ৰাছিয়াক । ফিফাৰ মতে বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক ফুটবলতো বাদে কোনো এখন আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাছিয়াই । অৱশ্যে ফিফাই প্ৰথমে ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সঙ্গীত পৰিবেশন নকৰাকৈ ৰাছিয়াক ফুটবল খেলাৰ অনুমতি দিয়া হ’ব বুলি প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছিল ফুটবল বিশ্ব । পাছত ফিফাই পূৰ্বৰ সিদ্ধান্ত সলনি কৰি ৰাছিয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments