Tuesday, October 4, 2022
HomeNewsবেয়া খবৰ: ২০২১ লৈ পিছুওৱা হ'ল ফিফা বিশ্বকাপ আৰু এছিয়ান কাপৰ কোৱালিফায়িং...

বেয়া খবৰ: ২০২১ লৈ পিছুওৱা হ’ল ফিফা বিশ্বকাপ আৰু এছিয়ান কাপৰ কোৱালিফায়িং মেচ

অলিম্পিয়া বাৰ্তা

২০২২ ত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ফুটবল আৰু ২০২৩ ত অনুষ্ঠিত হ’বলগীয়া এছিয়ান কাপৰ যোগ্যতা নিৰ্ণায়ক মেচসমূহ ২০২১ লৈ পিছুৱাই দিয়া হৈছে।

ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ফুটবল সংস্থা দুটাই যুটীয়াভাৱে আয়োজন কৰিবলগীয়া আছিল এই যোগ্যতা নিৰ্ণায়ককাৰী মেচসমূহ।

ইয়াৰ আগতে এ এফ চি য়ে এই বছৰৰে অক্টোবৰ আৰু নৱেম্বৰ মাহত বাকী থকা মেচসমূহ অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু, এছিয়া মহাদেশৰ অন্তৰ্গত বহুতো দেশত এতিয়াও কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপোৱাৰ বাবে এ এফ চি য়ে এই বছৰত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এ এফ চিয়ে বুধবাৰে জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ কৰে যে এই মুহূৰ্তত খেলুৱৈৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ দিশটোকহে তেওঁলোকে অগ্ৰাধিকাৰ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments