Wednesday, October 5, 2022
HomeNews২০২২ ফিফা বিশ্বকাপৰ কাউন্ট ডাউন আৰম্ভ

২০২২ ফিফা বিশ্বকাপৰ কাউন্ট ডাউন আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

চলিত বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল টুৰ্ণামেন্টৰ কাউন্ট ডাউন আৰম্ভ হৈছে । ২০২২ ৰ বিশ্বকাপ অনুষ্ঠিত হ’ব মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত । প্ৰতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় পুৰুষ ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ইতিমধ্যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় দলবোৰৰ মাজত যোগ্যতা নিৰ্ণায়ক মেচ অব্যাহত আছে । এই ফিফা বিশ্বকাপ ২০২২ বৰ্ষৰ ২১ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছে । আৰৱ বিশ্বত এয়েই প্ৰথম ফিফা বিশ্বকাপ অনুষ্ঠিত হ’ব । তদুপৰি ২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানত অনুষ্ঠিত হোৱাৰ পাছত সমগ্ৰ এচিয়াৰ ভিতৰত এয়া হ’ব দ্বিতীয় বাৰলৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা । আনহাতে অন্তিমবাৰৰ বাবে ৩২ টা দলে এই বিশ্বকাপত অংশ ল’ব । কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেস্কিকো আৰু কানাডাত ২০২৬ চনত হ’ব লগা ফিফা বিশ্বকাপত দলৰ সংখ্যা ৪৮ টা লৈ বৃদ্ধি পাব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । বৰ্তমানৰ বিশ্ব চেম্পিয়ন দল হ’ল ফ্ৰান্স । কাটাৰৰ মাত্ৰাধিক গৰমৰ বাবে প্ৰায় ২৮ দিনীয়া এই টুৰ্ণামেন্টখন নবেম্বৰৰ শেষ ভাগৰ পৰা ডিচেম্বৰৰ মাজ ভাগলৈ আয়োজনৰ ব্যৱস্থা কৰা হৈছে । সাধাৰণতে ফিফা বিশ্বকাপ মে,জুন বা জুলাইত অনুষ্ঠিত হয় ।
কাটাৰ বিশ্বকাপ ফুটবলৰ বাবে সমগ্ৰ ফুটবল জগতত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা ছাকিৰাৰ “ৱাকা ৱাকা” শীৰ্ষক গীতৰ আৰ্হিত এইবাৰ থীম ছংটো নতুনকৈ প্ৰস্তুত কৰা হৈছে । কাটাৰ বিশ্বকাপ আয়োজনৰ সুযোগ পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী চহৰ ডোহাকে ধৰি বিভিন্ন প্ৰান্তত অত্যাধুনিক ৮ খন ষ্টেডিয়াম সম্পূৰ্ণ সাজু কৰি তোলা হৈছে । ইয়াৰ ভিতৰত আছে অল থুমামা ষ্টেডিয়াম, অল জানাউব ষ্টেডিয়াম, অল বেইড ষ্টেডিয়াম, আহম্মদ বিন আলী ষ্টেডিয়াম, এডুকেছন চিটি ষ্টেডিয়াম, ষ্টেডিয়াম ৯৭৪, খালিফা ইণ্টাৰনেচনেল ষ্টেডিয়াম আৰু লোচেইল ষ্টেডিয়াম । এই কেওখন ষ্টেডিয়ামৰ প্ৰতিচ্ছবিয়ে ইতিমধ্যে প্ৰচাৰ মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে । মুঠতে ফিফা বিশ্বকাপৰ বাবে কাটাৰ সম্পূৰ্ণকৈ সাজু । সমগ্ৰ বিশ্বৰ মুঠ ৩২ টা দলৰ ভিতৰত আয়োজক হিচাপে কাটাৰে যোগ্যতা অৰ্জন কৰিছে । এই পৰ্যন্ত যোগ্যতা অৰ্জন কৰা আন দলবোৰৰ ভিতৰত আছে জাৰ্মানী, ডেনমাৰ্ক, ব্ৰাজিল, ফ্ৰান্স, বেলজিয়াম, ক্ৰয়েছিয়া, স্পেইন, ছাৰ্বিয়া, ইংলেণ্ড, ছুইজাৰলেণ্ড, নেডাৰলেণ্ড, আৰ্জেন্টিনা, ইৰাণ আদি । কৰুনা ভাইৰাছৰ মাজতে বিশ্বৰ বিভিন্ন দেশত যোগ্যতা নিৰ্ণায়ক মেচ অনুষ্ঠিত হৈছে । কাটাৰ বিশ্বকাপৰ বাবে চলিত বৰ্ষৰ ১৯ জানুৱাৰীৰ পৰা টিকট বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। লক্ষণীয়ভাৱে আন বিশ্বকাপৰ তুলনাত তুলনামূলকভাৱে সমীপত হোৱাৰ বাবে ভাৰতৰ বহু ফুটবল অনুৰাগীয়ে কাটাৰলৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments