Monday, October 3, 2022
HomeNewsখেল' ইণ্ডিয়াৰ গুৱাহাটী সংস্কৰণ:১৫ জনকৈ এথলিট ব্যৰ্থ ডোপ টেষ্টত

খেল’ ইণ্ডিয়াৰ গুৱাহাটী সংস্কৰণ:১৫ জনকৈ এথলিট ব্যৰ্থ ডোপ টেষ্টত

olympiasports.in

News Source: The Bridge, Amar Ujala

এই বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হৈছিল তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া। উক্ত যুৱ ক্ৰীড়া সমাৰোহখনত অংশ লোৱা ১৫ গৰাকীকৈ যুৱ এথলিট ডোপ টেষ্টত ব্যৰ্থ হৈছে। হিন্দী দৈনিক অমৰ উজালাত এই বাতৰি প্ৰকাশ হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দিল্লীত অনুষ্ঠিত প্ৰথম সংস্কৰণৰ খেল’ ইণ্ডিয়াত ১১ জন, আৰু পুনেত অনুষ্ঠিত দ্বিতীয় বৰ্ষৰ প্ৰতিযোগিতাত ৯ জনকৈ খেলুৱৈ ডোপ টেষ্টত ব্যৰ্থ হৈছিল।

বৰ্তমান ডোপ টেষ্টত ব্যৰ্থ হোৱা ১৫ গৰাকীকৈ খেলুৱৈৰ মাজত আছে স্বৰ্ণ বিজয়ী বহুকেইজন খেলুৱৈ। ৰাষ্ট্ৰীয় ডোপিং প্ৰতিষ্ঠান NADA ই ষ্টেৰয়ড টেষ্টত ব্যৰ্থ হোৱা খেলুৱৈসকলক সময়িকভাৱে নিষিদ্ধ ঘোষণা কৰিছে। ডোপ টেষ্টত ব্যৰ্থ হোৱা এইসকল খেলুৱৈৰ মাজত আছে চাৰিজনকৈ শক্তি উত্তোলক, তিনিগৰাকী কাবাদী খেলুৱৈ আৰু বাকীসকল ফুটবল, ভলীবল আৰু বক্সিঙৰ লগত জড়িত খেলুৱৈ।

এই বৰ্ষত নেশ্বনেল এন্টি ডোপিং এজেঞ্চি চমুকৈ NADA ই সৰ্বমুঠ ৩৪৬ টা চেম্পল সংগ্ৰহ কৰে। চেম্পলখিনি ডোহালৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে খেল’ ইণ্ডিয়া ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে আয়োজন কৰা এটা ক্ৰীড়া কাৰ্যসূচী যাৰ দ্বাৰা দেশৰ নতুন প্ৰজন্ম খেলুৱৈসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments