Sunday, October 2, 2022
HomeNewsস্বৰ্ণৰ বাবে আৰু এখোজ । পেৰালিম্পিকত ভাবিনাই ৰচিব পাৰে আন এক স্বৰ্ণীল...

স্বৰ্ণৰ বাবে আৰু এখোজ । পেৰালিম্পিকত ভাবিনাই ৰচিব পাৰে আন এক স্বৰ্ণীল ইতিহাস ।

অলিম্পিয়া প্ৰতিবেদন

স্বৰ্ণলৈ আৰু এখোজ। এটা খোজ পাৰ হ’লেই টকিঅ’ পেৰালিম্পিকত ভাৰতলৈ আহিব প্ৰথমটো সোণৰ পদক। টেবুল টেনিছ খেলুৱৈ ভাবিনা পেটেলৰ জৰিয়তে সৃষ্টি হ’ব পাৰে আন এক ইতিহাস। কাৰণ, আজিলৈকে কোনো ভাৰতীয় মহিলাই অলিম্পিক অথবা পেৰালিম্পিকত স্বৰ্ণ জয় কৰা নাই। শনিবাৰে, পুৱাই সুদুৰ টকিঅ’ৰ পৰা আহিল এক আশাব্যঞ্জক খবৰ ।প্ৰাক্তন ছেম্পীয়ন চীনৰ ঝেং মিয়াওক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পেৰা খেলুৱৈ ভাবিনা পেটেল। ইয়াৰ লগে লগেই পেৰালিম্পিকত ৰূপৰ পদক নিশ্চিত হ’ল ভাৰতৰ ।এয়াই ভাবিনাৰ বাবে সোণালী সুযোগ ।দেওবাৰৰ দিনটো ভাবিনাৰ বাবে হ’ব এক বিশেষ দিন।কাৰণ কাইলৈ ফাইনেলত অৱতীৰ্ণ হ’ব পেৰা খেলুৱৈগৰাকী।ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টেবুল টেনিছ খেলুৱৈগৰাকীয়ে।

পিছে, ভাবিনাৰ বাবে এই পথ মসৃণ নাছিল ।পলিঅ’ৰ দৰে ৰোগক অতিক্ৰম কৰি এই যাত্রা স্থিৰ কৰিছে ভাবিনাই।মাত্র ১২ মাহ বয়সতে পলিঅ’ত আক্ৰান্ত হৈছিল ভাবিনা। এটা কঠিন জীৱন পৰিক্ৰমাৰ মাজেৰে আজিৰ অৱস্থা পাইছেহি এইগৰাকী পেৰা টেবুল টেনিছ খেলুৱৈ। গুজৰাটৰ ভাদনগৰৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ভাবিনাই এতিয়া আগবাঢ়িছে বিশ্বজয়ৰ অভিমুখে ।পেৰালিম্পিকৰ টেবুল টেনিছৰ প্ৰতিখন মেচত ভাবিনাই দাঙি ধৰিছে উন্নত প্ৰৰ্দশন। শনিবাৰে ভাৱিনাই পেৰালিম্পিকত প্ৰথমটো পদক নিশ্চিত কৰিলে ভাৰতৰ বাবে। ৰচিলে ইতিহাস ।এতিয়া ভাৰতবাসী তথা ক্ৰীড়া প্ৰেমীৰ আশা, দেওবাৰৰ মেচত ভাবিনাই প্ৰতিপক্ষক দিয়ক শক্তিশালী প্ৰত্যুত্তৰ।ভাৰতক উপহাৰ দিয়ক স্বৰ্ণ ।পেৰালিম্পিকত খোদিত হওক
ভাবিনা পেটেল আৰু ভাৰতৰ নাম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments