আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কালিলৈ পোন প্ৰথমবাৰৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰল্পত “ৱ’মেনছ গেমছ অব্ আসাম” ৰ উদ্যোগত আৰু “মাষ্টাৰ্ছ গেমছ এছ’চিয়েচন,আসাম”ৰ লগতে “খেল’ মাষ্টাৰ্ছ গেমছ এছ’চিয়েচন, আসাম”ৰ সহযোগত এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত কালিলৈ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী মহিলা খেলুৱৈয়ে ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে যদিও এই সংখ্যা কালিলৈ পুৱা ৭ বজালৈকে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে আয়োজক সকলে।
প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী মহিলাৰ বয়সৰ সীমা নূন্যতম ২০ বছৰ কৰাৰ বিপৰীতে উচ্চতম সীমা ৯০ বছৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিযোগীসকলৰ সুবিধা হোৱাকৈ কেইবাটাও শাখা গঠন কৰা হৈছে বুলি “ৱ’মেন গেমছ অব্ আসাম” ৰ তৰফৰ পৰা জানিবলৈ দিছে। সেই অনুসৰি ২০ বছৰৰ পৰা ২৫ বছৰলৈ, ২৫-বছৰৰ পৰা ৩০ বছৰলৈ এনেদৰে ৫ বছৰৰ ব্যৱধান ৰাখি শাখা গঠন কৰা হৈছে।
পুৱা ৭ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰথমে ৩ কিলোমিটাৰ খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতেই ক্ৰমান্বয়ে ১০০ মিটাৰ দৌৰ, লং জাম্প, ত্ৰিপল জাম্প, ডিছকাছ থ্ৰ’, জেভলিন থ্ৰ’, শ্বটপুট আৰু ৰীলে দৌৰ অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ৰাজ্যৰ ক্ৰীড়া বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক মহিলাই ঘৰৰ তাঁতৰ শালত তৈয়াৰ কৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিবলৈ দিছে “ৱ’মেনছ গেমছ অব্ আসাম” ৰ বিষয়ববীয়াই।
All the best