Wednesday, October 5, 2022
HomeNewsক্ৰিকেটলৈ হেলমেট কেতিয়া আহিছিল জানেনে?

ক্ৰিকেটলৈ হেলমেট কেতিয়া আহিছিল জানেনে?

olympiasports.in

✍️তুষাৰ প্ৰতিম

হেলমেট অবিহনে খেলপথাৰত কোনো ক্ৰিকেটাৰ নানামে। একাংশ বেটছমেনে স্পিন বলৰ সময়ত হেলমেট খুলি ৰাখিলেও ফাষ্ট বলাৰৰ সন্মুখত সদায়েই হেলমেট পৰিধান কৰি লোৱাটো নিয়মলৈয়ে পৰিবৰ্তন হ’ল। পিছে আপুনি জানেনে এই হেলমেট ক্ৰিকেটলৈ কেতিয়া আগমন ঘটিছিল?

এদিনীয়া ক্ৰিকেটত পোন প্ৰথমে হেলমেট ব্যৱহাৰ কৰিছিল ১৯৭২ চনৰ ২৪ আগষ্টত। আনহাতে টেষ্ট ক্ৰিকেটত হেলমেট ব্যৱহাৰ হৈছিল ১৯৭৮ চনত।

এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ সেয়া দ্বিতীয়খন মেচ। ক্ৰিকেট জগতৰ দুই চিৰবৈৰী ৰাষ্ট্ৰ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত মানচেষ্টাৰত অনুষ্ঠিত হৈছে বিশ্বৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট মেচ। ১৯৭২ চনৰ ২৪ আগষ্টৰ এই মেচখনতে‌ই ইংলেণ্ড দললৈ আহিছিল ডেনিস এমিস। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছে ডেনিসে। এদিনীয়া ক্ৰিকেটত সেইদিনা আত্মপ্ৰকাশ কৰা ডেনিসে বেটছমেনে পৰিধান কৰা ‘হেলমেট’কো এদিনীয়া ক্ৰিকটতো আত্মপ্ৰকাশ কৰোৱাইছিল।

এদিনীয়া ক্ৰিকেটত পোন প্ৰথমবাৰৰ বাবে হেলমেট পৰিধান কৰা এইগৰাকী ডেনিসে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত প্ৰথম হেলমেট পৰিধান কৰি ৰেকৰ্ড সৃষ্টি কৰাৰ লগতে প্ৰথম শতক অৰ্জন কৰা ক্ৰিকেটাৰ হোৱাৰো গৌৰৱ অৰ্জন কৰিছিল‌। ফাষ্ট বলাৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হেলমেট পৰিধান কৰি খেলা কেৰিয়াৰৰ প্ৰথমখন এদিনীয়াতে ডেনিসে সংগ্ৰহ কৰিছিল ১০৩ ৰান। ডেনিসৰ এইটো শতকেই আছিল এদিনীয়া ক্ৰিকেটৰ ইতিহাসত যিকোনো এজন খেলুৱৈৰ প্ৰথমটো শতক। আনহাতে এইগৰাকী ডেনিসেই আকৌ বিশ্বকাপ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰিও ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰিছে।

১৯৭৫ চনৰ ৭ জুনত লৰ্ডছত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্বকাপৰ প্ৰথমখন মেচত ডেনিসে ভাৰতৰ বিৰুদ্ধে ১৩৭ ৰানৰ এক বৃহৎ ব্যক্তিগত স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল। এইটো শতকেই আছিল বিশ্বকাপৰ ইতিহাসত প্ৰথমটো শতক। লৰ্ডছৰ এই মেচখনত শতক অৰ্জন কৰা ডেনিসক ভাৰতীয় বলাৰ মদন লালে অৱশ্যে ক্লিন ব’ল্ড কৰিবলৈ সক্ষম হৈছিল। এই মেচখনৰ কিছু সময়ৰ পিছতেই আকৌ নিউজিলেণ্ডৰ কেপ্তেইন গৰাকীয়ে আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ ইতিহাসৰ দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত আকৌ ১৯৭৮ চনত পোন প্ৰথমবাৰৰ বাবে হেলমেট ব্যৱহাৰ কৰা হৈছিল। সেইসময়ত কেৰী পেকৰৰ ফাষ্ট বলৰ সন্মুখত ত্ৰাহি মধুসূদন সহিবলগীয়া হৈছিল বিশ্ব ক্ৰিকেটৰ বহু স্বনামধন্য ক্ৰিকেটাৰে। কেৱল কেৰী পেকেই নহয় অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ ফাষ্টবলাৰে বিশ্ব চিৰিজ ক্ৰিকেটত (১৯৭৭) ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ তীব্ৰ বাউন্সাৰে বেটছমেনক বাৰুকৈয়ে আঘাত কৰিছিল। এনে বাউন্সাৰৰ পৰা নিজৰ মূৰটো ৰক্ষা কৰিবলৈকে ডেনিস এমিসে ১৯৭৭ চনৰ বিশ্ব চিৰিজত কোনো এক মটৰ চাইকেল কোম্পানীয়ে প্ৰস্তুত কৰা হেলমেটকে লৈ খেলপথাৰত নামিছিল। ইয়াৰ পিছত টেষ্ট ক্ৰিকেটত ১৯৭৮ চনত পোন প্ৰথমবাৰৰ বাবে হেলমেট ব্যৱহাৰ কৰা হৈছিল। ইংলেণ্ডৰ ক্ৰিকেটাৰ গ্ৰাহাম ইয়ালপে ডেনিস এমিসক অনুকৰণ কৰিয়েই হেলমেট পৰিধান কৰি ফাষ্ট বলাৰৰ মুখামুখি হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments