Tuesday, July 5, 2022
HomeNewsভাৰতীয় টেষ্ট ক্ৰিকেটৰ মহান ক্ৰিকেটাৰজন : ভিক্ষা বৃত্তিৰে শেষ হৈছিল যাৰ জীৱন

ভাৰতীয় টেষ্ট ক্ৰিকেটৰ মহান ক্ৰিকেটাৰজন : ভিক্ষা বৃত্তিৰে শেষ হৈছিল যাৰ জীৱন

ভাৰতীয় ক্ৰিকেট দল আজি বিশ্ব ক্ৰিকেটৰে এক বৃহৎ শক্তি। ভাৰতক টেষ্ট ক্ৰিকেটৰ শক্তিশালী দল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বহু ক্ৰিকেটাৰৰ শক্তিশালী ভূমিকা আছে। বহুতেই আকৌ কৰিবলগীয়া অশেষ কষ্ট আৰু ত্যাগ।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত জনাৰ্দন জ্ঞানৱা নাভলেই ভাৰতীয় টেষ্ট দলৰ হৈ প্ৰথমটো বলৰ সন্মুখীন হৈছিল ১৯৩২ চনত। মেচখন ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল লৰ্ডছত। সেই ঐতিহাসিক মেচখনৰ ৮৮ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো বলৰ সন্মুখীন হোৱা জনাৰ্দন জ্ঞানৱাৰ বিষয়ে আমি কিমানে জানোঁ? কিয় ইতিহাসৰ পাতত লুকাই গ’ল অপেনাৰ বেটছমেন তথা উইকেট কীপাৰ জনাৰ্দন জ্ঞানৱা? কিয় সেই মহান ভাৰতীয় ক্ৰিকেটাৰসকলৰ নামৰ লগত উচ্চাৰিত নহয় জনাৰ্দন জ্ঞানৱাৰ নাম?

১৯০২ চনত মহাৰাষ্ট্ৰৰ ফুলগাঁৱত জনাৰ্দন জ্ঞানৱা নাভলেৰ জন্ম হৈছিল। পিতৃ আছিল এগৰাকী কৃষক। এগৰাকী কৃষকৰ সন্তান জনাৰ্দন জ্ঞানৱাক সেই সময়ত ইংৰাজ টেষ্ট ক্ৰিকেটাৰ জেক হবছে অষ্ট্ৰেলিয়াৰ বাৰ্ট অ’ল্ডফিল্ড আৰু ইংলেণ্ডৰ জৰ্জ ডাকৱৰ্থৰ দৰে উইকেট কীপাৰৰ সম পৰ্যায়ৰ বুলি জ্ঞান কৰিছিল।

এগৰাকী উইকেট কীপাৰ হিচাপে কেৰিয়াৰত এইগৰাকী ক্ৰিকেটাৰে ৬৫ খন মেচত অংশগ্ৰহণ কৰি ১০১টা কেচ ধৰাৰ উপৰিও ৩৬ টা ষ্টাম্পপিং কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ১৯.১৮ ষ্ট্ৰাইক ৰেটেৰে ১৯১৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। অৰ্ধশতক কৰিছিল ৯ টা। ১৫ বছৰ বয়সত চতুস্কোণীয় টুৰ্ণামেণ্টত হিন্দুজৰ হৈ অপেনিং বেটছমেন হিচাপে দায়িত্ব পালন কৰিছিল। ১৭ বছৰ বয়সত একেখন প্ৰতিযোগিতাত মুছলিমৰ বিৰুদ্ধে ৭৪ আৰু ফাইনেলত পাৰ্চীৰ বিৰুদ্ধে ৯৬ ৰানৰ ইনিংছ খেলিবলৈ বাধ্য হৈছিল।

১৯৩২ চনত ভাৰতে অংশগ্ৰহণ কৰা প্ৰথমখন টেষ্টৰ ট্ৰায়েল মেচত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। মেচখনত তেওঁ ৫০ আৰু ৩৬ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছৰ বাবেই তেওঁক মূল একাদশত স্থান দিয়া হৈছিল। অৱশ্যে প্ৰথমখন টেষ্টত তেওঁ সফল হ’ব নোৱাৰিলে। মেচখনত ভাৰত বৰ বেয়াকৈ পৰাস্ত হৈছিল। কিন্তু জনাৰ্দন জ্ঞানৱাৰ উইকেট কিপিঙে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল। সেই সময়ত তেওঁ ২১ খন মেচত এটা অৰ্ধশতকৰ সহায়ত ৬০০ ৰান কৰিবলৈ সক্ষম হৈছিল।

১৯৩২ চনৰ পিছত ভাৰতৰ মাটিত খেলা প্ৰথমখন টেষ্ট মেচতো জনাৰ্দন জ্ঞানৱা টিম ইণ্ডিয়াৰ সদস্য আছিল। কিন্তু ইয়াৰ পৰবৰ্তী সময়ত তেওঁ আৰু কেতিয়াও টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ নকৰিলে। ক্ৰিকেটৰ পৰা আঁতৰি আহি তেওঁ জীৱন যাপন কৰিবলৈ এটা চেনী কলত সুৰক্ষা কৰ্মীৰ কামত ধৰিলে। ইয়াৰোপৰি তেওঁ জীৱনৰ শেষ সময়ছোৱাত ব’ম্বে-পোনে হাইৱেত ভিক্ষা কৰাও একাংশ লোকে দেখিবলৈ পাইছিল। সেই সময়ত ভাৰতীয় ক্ৰিকেটাৰসকলে আজিৰ দৰে টকা লাভ কৰা নাছিল বাবেই দৰিদ্ৰতাৰ মাজেৰে জীৱন শেষ হৈছিল জনাৰ্দন জ্ঞানৱা নাভলেই। বোম্বে-পোনে হাইৱেত ভিক্ষা কৰি কৰিয়েই হেৰাই গ’ল ভাৰতৰ টেষ্ট ক্ৰিকেটৰ প্ৰথমটো বলৰ মুখামুখি হোৱা অপেনাৰ তথা শক্তিশালী উইকেট কীপাৰ জনাৰ্দন জ্ঞানৱা নাভলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments