১৩ মে’, গুৱাহাটী : ভাৰতীয় ইতিহাসত বহুকেইগৰাকী বীৰঙ্গনাৰ কাহিনী সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। তেওঁলোকৰ জীৱনীয়ে আজিও ভাৰতীয় নাৰীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাৰীক বাট দেখুৱাই। অৱশ্যে ইয়াৰ মাজতো ভাৰতীয় নাৰীয়ে চাৰি বেৰৰ মাজৰ পৰা ওলাই আহিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। আজি এনে এগৰাকী ভাৰতীয় বীৰঙ্গনাক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যাৰ কথা আৰু কামে কেৱল নাৰীকেই নহয় পুৰুষকো নতুনকৈ ভাবিবলৈ বাধ্য কৰিব যে ইচ্ছা থাকিলে কি কৰিব নোৱাৰি!
সীমা ৰাও, যাৰ বৰ্তমান বয়স ৫১ বছৰ। বিগত দুটা দশক ধৰি সীমাই ভাৰতৰ সশস্ত্ৰ বাহিনীক close-quarte battles ৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এইগৰাকী সীমা ৰাও ভাৰতৰ প্ৰথমগৰাকী মহিলা কমাণ্ডো প্ৰশিক্ষক হোৱাৰ উপৰিও, তেওঁ সেনা প্ৰধানৰ সহায়িকা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স্বেচ্ছাসেৱক সেৱাৰ লগত জড়িত আছিল। ইয়াৰ উপৰিও সীমাই বিশ্ব শান্তি কূটনীতিবিদৰো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
এতিয়া, সেনাক Close-quarte Battles ৰ প্ৰশিক্ষণ প্ৰদান কৰাটো সীমাৰ বৃত্তি। সামৰিক বাহিনীৰ লগত জড়িত হৈ থকা সীমাই সামৰিক সমৰ কলাত সপ্তম ব্লেক-বেল্ট ডিগ্ৰী লাভ কৰিছে। এনে বৃত্তিৰ লগত জড়িত হৈয়ো সীমাই পাহৰা নাই সৌন্দৰ্য চৰ্চা কৰিবলৈও। তেওঁ মিচেছ ইণ্ডিয়া ৱৰ্ল্ড পেজেণ্ট ফাইনেলিষ্ট হ’বলৈয়ো সক্ষম হৈছে। ইয়াৰ বাহিৰেও সীমাই সংকট ব্যৱস্থাপনাত (crisis management) এমবিএ ডিগ্ৰী, পৰম্পৰাগত ঔষধ (conventional medicine) ৰ ডিগ্ৰী লাভ কৰাৰ লগতে কমবেট ট্ৰেইনিং শ্বুটাৰ, অগ্নিনিৰ্বাপক আৰু স্কুবা ডাইভাৰ হিচাপেও সফলতা লাভ কৰিছে।
এগৰাকী পেছাদাৰী মাৰ্চিয়েল আৰ্ট প্ৰেক্টিচনাৰ, সীমা ৰাও হৈছে বিশ্বৰ আটাইতকৈ বিৰল লোকসকলৰ মাজৰ এজন, যিয়ে কিংবদন্তি ব্ৰুছ লীয়ে প্ৰতিষ্ঠা কৰা “জিত কুনে দো” সমৰকলা নিখুঁত আয়ত্ব কৰিছে।
এইগৰাকী বিস্ময়-মহিলাই সেনা বিষয়া মেজৰ দীপক ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকৰ আছে এগৰাকী কন্যা সন্তান। যাৰ নাম ৰাখিছে ‘কোমল’। মাতৃৰ আদৰ্শৰে অনুপ্ৰাণিত কোমলেও “জিত কুনে দো” আয়ত্ব কৰিছে।
এইগৰাকী বীৰঙ্গনাই কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও ভাৰতৰ প্ৰথম মিক্সড মাৰ্চিয়েল আৰ্ট (এমএমএ) চলচ্চিত্ৰ Hathapayi প্ৰযোজনা কৰাৰ উপৰিও ছবিখনত অভিনয় কৰিছ। ভাৰতত এই চলচিত্ৰ খনতেই পোন প্ৰথমবাৰৰ বাবে ব্ৰুছ লীৰ “জিত কুনে দো” সমৰ কলা প্ৰদৰ্শন কৰা হৈছে।