Friday, September 30, 2022
HomeNewsপ্ৰথম পুলিন দাস আন্তঃবিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডৰ খেলৰ সূচী ঘোষণা

প্ৰথম পুলিন দাস আন্তঃবিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডৰ খেলৰ সূচী ঘোষণা

১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব প্ৰথম পুলিন দাস আন্তঃবিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টৰ মণ্ডল প্ৰৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডৰ খেল সমূহ। অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডৰ সবিশেষ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে।

প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে অসম ক্ৰিকেট সন্থাই প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডৰ সূচী প্ৰকাশ কৰিছে।প্ৰকাশিত সূচী অনুসৰি প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ড মুঠ ৬ টা মণ্ডলত অনুষ্ঠিত হ’ব।

উজনি অসম মণ্ডল : এই মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ খেল সমূহ চৰাইদেউত অনুষ্ঠিত হ’ব।

উত্তৰ অসম মণ্ডল : এই মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ খেলমসূহ লখিমপুৰত অনুষ্ঠিত হ’ব।

দক্ষিণ অসম মণ্ডল : এই মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ খেলসমূহ হাইলাকান্দিত অনুষ্ঠিত হ’ব।

ধ্য অসম মণ্ডল : এই মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ খেলসমূহ হোজাইত অনুষ্ঠিত হ’ব।

নামনি অসম মণ্ডল : এই মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ খেলসমূহ দুটা স্থানত অনুষ্ঠিত হ’ব। কোকৰাঝাৰ আৰু ধুবুৰীত অনুষ্ঠিত হ’ব নামনি মণ্ডলৰ স্কুল সমূহৰ খেলসমূহ।

হেড কাৱাৰ্টাৰ মণ্ডল : এই মণ্ডলৰ খেলসমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিটো মণ্ডলৰ চেম্পিয়ন দলে ২৬ মাৰ্চৰ পৰা গুৱাহাটীত পৰৱৰ্তী মেচসমূহত অংশগ্ৰহণ কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments