অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ সৈতে এক বুজা পৰাত বান্ধ খোৱাৰ পিছত আই পি এল ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছে ৰাজ্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক ফিটনেছ, নিউট্ৰিছন এণ্ড মেন্টেল ট্ৰেইনিং কেম্পৰ। অসমত ন ন ক্ৰিকেটৰ প্ৰতিভা বিচাৰি উলিওৱাত আই পি এল দলটোৰ এনে পদক্ষেপে অসমৰ ক্ৰিকেট ক্ষেত্ৰক উজ্জীৱিত কৰি তুলিব বুলি আশা কৰা হৈছে।
অসম ক্ৰিকেট সন্থাৰ সক্ৰিয় সহযোগত বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৭ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই কেম্প। ৰাজস্থান ৰয়েলছৰ হেড ফিজিঅ’ জন গ্লোষ্টাৰ আৰু দলটোৰ ষ্ট্ৰেঙথ এণ্ড কণডিশ্বনিং ক’চ ৰাজামানি প্ৰভুৰ তত্বাৱধানত এই কেম্প অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ফিজিঅ’ জন গ্লোষ্টাৰে ইয়াৰ পূৰ্বে ভাৰতীয় জাতীয় দল আৰু বাংলাদেশ জাতীয় দলৰ ফিজিঅ’ৰ দায়িত্ব পালন কৰিছিল।
উক্ত কেম্পৰ বাবে অসম ক্ৰিকেট সন্থাই ৩২ জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। তালিকাভুক্ত ক্ৰিকেটাৰসকল হ’ল_
পল্লৱ কুমাৰ দাস, স্বৰূপম পুৰুকায়স্থ, ডেনিছ দাস, ছাহিল জৈন, ৰাজাকুদ্দিন আহমেদ, শিৱ শংকৰ ৰয়, কুনাল শইকীয়া, অভিষেক ঠাকুৰী, মুখটাৰ হুছেইন, আবু নেছিম আহমেদ, প্ৰীতম দাস, সুনীল লাচিত, অম্লান জ্যোতি দাস, অভিলাস গগৈ, ৰামিজ ৰাববানী, মুজিবুৰ আলী, ৰাহুল সিং, এৰিক ৰয়, ধৰণী ৰাভা, মৃন্ময় দত্ত, ঋষভ দাস, ৰাহুল হাজৰিকা, ৰঞ্জিত মালি, অৰূপ দাস, কৃষ্ণ দাস, ৱাচিকুৰ ৰহমান, হৃষীকেশ তামুলী, দশৰথ কুমাৰ, জিতুমণি কলিতা, হৃদিপ ডেকা, অমন চেত্ৰী আৰু অভিনৱ চৌধুৰী।
উল্লেখযোগ্য যে, বি চি চি আইৰ দ্বাৰা আৰোপিত ক’ভিড প্ৰটোকল সম্পূৰ্ণৰূপে মানি চলি এই কেম্পৰ আয়োজন কৰা হৈছে। তালিকাভুক্ত খেলুৱৈসকলক ৬ মাৰ্চৰ আবেলি ৪ বজাত বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হবলৈ অনুৰোধ জনাইছে অসম ক্ৰিকেট সন্থাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে এ চি এৰ সম্পাদক দেৱজিত শইকীয়াই।