অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে এক ফিটনেছ শিবিৰ। অনুর্ধ ১৯ বৰ্ষৰ খেলুৱৈৰ মাজত অনুষ্ঠিত এই ফিটনেছ শিবিৰত ৬৫ গৰাকীকৈ ক্ৰিকেটাৰে অংশগ্ৰহণ কৰে।
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত চলি থকা ৰাজ্যিক ক্ৰিকেট একাডেমীৰ কাৰিকৰী সঞ্চালক ডঃ গণেশ দত্ত চুঘে এই শিবিৰৰ দায়িত্ব পালন কৰিছে। ট্ৰেইনাৰ ৰূপে আছে তৌহিদ আলী তালুকদাৰ। ১২ দিনীয়া শিবিৰটোৰ অন্ত পৰিব অহা তিনি ডিচেম্বৰত।