Tuesday, October 4, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এটাও ন' বল দি নোপোৱা পাঁচজন ক্ৰিকেটাৰ

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এটাও ন’ বল দি নোপোৱা পাঁচজন ক্ৰিকেটাৰ

অলিম্পিয়া বিশেষ লেখা

ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল। এটা বলেই কেতিয়াবা এটা দলৰ ভাগ্য নিৰ্ণয় কৰে। ক্ৰিকেট ক্ৰিজৰ সীমা অতিক্ৰম কৰি কোনো বলাৰৰ ভৰি এটা ইঞ্চি বাহিৰ হ’লেই এখন মেচৰ ফলাফল সলনি হৈ যাব পাৰে। আই চি চিৰ নিয়ম অনুসৰি আকৌ ন’ বল হ’লে বিপক্ষৰ দলে কেৱল এটা অতিৰিক্ত বলেই লাভ নকৰে, লগতে বেটছমেনজনে লাভ কৰে ফ্ৰি হিটৰ সুবিধাও। ক্ৰিকেটত এজন বলাৰে ন’ বল কৰাটো তেনেই সুলভ। এটাও ন’ বল নকৰাকৈ থকাটোহে এক বিশেষ কৃতিত্ব বুলি অভিহিত কৰিব পাৰি। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটাও ন’ বল নকৰা তেনে পাঁচজন ক্ৰিকেটাৰৰ বিষয়ে জানো আহক-

লেন্স গিবছ: ৱেষ্ট ইণ্ডিজৰ এজন কিম্বদন্তী বলাৰ লেন্স গিবছে ৭৯ খন টেষ্ট আৰু তিনিখন এদিনীয়াত নিজ দেশক প্ৰতিনিধিত্ব কৰিছিল। স্পীন বলিঙৰ বিশেষজ্ঞ বলাৰজন টেষ্ট ক্ৰিকেটত ৩০০ উইকেট দখল কৰা প্ৰথমজন স্পীনাৰ। নিজৰ সুদীৰ্ঘ ক্ৰিকেটীয় কেৰিয়াৰত এইগৰাকী ক্ৰিকেটাৰে এটাও ন’ বল কৰা নাছিল। এই কৃতিত্ব অৰ্জন কৰা তেওঁ একমাত্ৰ স্পীনাৰ।

ইয়ান ব’থাম: এটা সভ্ৰান্ত ক্ৰিকেট কেৰিয়াৰৰ অধিকাৰী এইগৰাকী ইংলেণ্ডৰ মহান ক্ৰিকেটাৰ। ১৬ বছৰীয়া এক বৰ্ণময় কেৰিয়াৰ তেওঁৰ। ১৬টাকৈ বছৰত এটাও ন’ বল কৰি পোৱা নাছিল ইয়ান ব’থামে। ইংলেণ্ডৰ হৈ তেওঁ ১০২ খন টেষ্টত ৩৮৩ টা উইকেট আৰু ১১৬ খন এদিনীয়াত ১৪৫ টা উইকেট দখল কৰিছিল তেওঁ।

ইমৰান খান: পাকিস্তানৰ এগৰাকী অন্যতম মহান ক্ৰিকেটাৰ ইমৰান খান। পাকিস্তানৰ চহকী পেচ আক্ৰমণৰ এগৰাকী অন্যতম হোতা আছিল ইমৰান খান। ৮৮ খন টেষ্ট আৰু ১৭৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা ইমৰানৰ নেতৃত্বতে পাকিস্তানে ১৯৯২ ৰ বিশ্বকাপ দখল কৰিছিল। এই গৰাকী মহান পেচ বলাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত এটাও ন’ বল দিয়া নাছিল।

ডেনিছ লিলি: অষ্ট্ৰেলিয়াৰ এইগৰাকী ফাষ্ট বলাৰ ক্ৰিকেট ইতিহাসৰ এগৰাকী অন্যতম সফল ফাষ্ট বলাৰ আছিল। ক্ৰিকেট জীৱনত তেওঁ যথেষ্ট নিয়মানুৱৰ্তী এগৰাকী খেলুৱৈ হিচাবে জনাজাত আছিল। অষ্ট্ৰেলিয়াৰ হৈ ৬৩ খন এদিনীয়া আৰু ৭০ খন টেষ্ট খেলা এইগৰাকী মহানতম বলাৰে কৰা নাছিল এটাও ন’ বল।

কপিল দেৱ: ভাৰতৰ এগৰাকী মহানতম অল ৰাউণ্ডাৰ কপিল দেৱেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটাও ন’ বল কৰা নাছিল। তেওঁৰ নেতৃত্বতে ভাৰতে ১৯৮৩ৰ বিশ্বকাপ জয় কৰিছিল। ১৩১ খন টেষ্ট আৰু ২২৫ খন এদিনীয়াত অংশ লৈছিল এইগৰাকী প্ৰাক্তন অধিনায়কে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments