Wednesday, July 6, 2022
HomeNewsখোজ কাঢ়িয়েই টকীঅ'লৈ পাঁচ ভাৰতীয় এথলিট

খোজ কাঢ়িয়েই টকীঅ’লৈ পাঁচ ভাৰতীয় এথলিট

অলিম্পিয়া প্ৰতিবেদন

খোজ কাঢ়িয়েই টকীঅ’ পাবগৈ পাঁচ ভাৰতীয় এথলিট। ২০২১ বৰ্ষৰ টকীঅ’ অলিম্পিকৰ বাবে স্থান নিশ্চিত কৰিছে পাঁচ ভাৰতীয় ৰেচ ৱাকাৰে।

ৰেচ ৱাকিং। ভাৰতৰ দৰে এখন দেশত তেনেই নতুন এক খেল। প্ৰায় এশ বছৰ আগতেই অলিম্পিকত প্ৰৱেশ ঘটা এই ৰেচ ৱাকিঙত আজিকোপতি ভাৰতে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাই। তুলনামূলকভাৱে আন্তঃগাঁথনিৰ ফালৰ পৰা কম খৰচী এই খেল বিধত ভাৰতে পোন প্ৰথমবাৰৰ বাবে ইমান সংখ্যক ৰেচ ৱাকাৰক অলিম্পিকৰ বাবে পঠিয়াবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে কেৱল দুই এজন ভাৰতীয় ৰেচ ৱাকাৰেহে অলিম্পিকত ভুমুকি মাৰিবলৈ সক্ষম হৈছিল। এইবাৰ ভাৰতৰ হৈ অলিম্পিকত অংশ ল’বলগীয়া ৰেচ ৱাকাৰ কেইগৰাকী হৈছে ভাৱনা জাট ( মহিলাৰ ২০ কি মি), কে টি ইৰফান( পুৰুষৰ ২০ কি মি), সন্দ্বীপ কুমাৰ( পুৰুষৰ ২০ কি মি), প্ৰিয়ংকা গোস্বামী( মহিলাৰ ২০ কি মি) আৰু ৰাহুল( পুৰুষৰ ২০ কি মি)। ইয়াৰে সন্দ্বীপ কুমাৰ, প্ৰিয়ংকা গোস্বামী আৰু ৰাহুলে শেহতীয়াকৈ সামৰণি পৰা অষ্টম নেচনেল এণ্ড ইণ্টাৰনেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত দেখুওৱা প্ৰদৰ্শনৰ সহায়ত নিশ্চিত কৰে টকীঅ’ৰ টিকট।

সন্দ্বীপ কুমাৰ আৰু প্রিয়ংকা গোস্বামীয়ে এই চেম্পিয়নশ্বিপতে গঢ়িবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় অভিলেখো। সন্দ্বীপ কুমাৰে ১ ঘন্টা ২০ মিনিট ১৬ চেকেণ্ডত ২০ কিঃমিঃ অতিক্ৰম কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইপিনে মহিলাৰ শাখাত প্ৰিয়ংকা গোস্বামীয়ে ১ ঘন্টা ২৮ মিনিট ৪৫ চেকেণ্ডত ২০ কিঃমিঃ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ৰাহুলে ২০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰে ১ ঘন্টা ২০ মিনিট ২৬ চেকেণ্ডত।

উল্লেখযোগ্য যে অলিম্পিকৰ বাবে পুৰুষৰ কোৱালিফায়িং সময় আছিল ১ ঘন্টা ২১ মিনিট। ইয়াৰ পূৰ্বে ভাৰতৰ আন দুগৰাকী ৰেচ ৱাকাৰ কে টি ইৰফান আৰু ভাৱনা জাটে লকডাউনৰ পূৰ্বেই অনুষ্ঠিত নেচনেল ৰেচ ৱাকিং চেম্পিয়নশ্বিপত পদক জয়ৰে অলিম্পিকৰ টিকট লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments