পৰাজয় তেওঁৰ সহ্যৰ বাহিৰত, জয় তেওঁৰ নিশ্চিত। বক্সিঙৰ ৰিঙত তেওঁৰ প্ৰচণ্ড ঘোচা যেতিয়া বৰষুণৰ দৰে সৰে তেতিয়া কেৱল বিপক্ষৰ বক্সাৰৰ দাঁত ভাঙে, ৰিঙত ঢলি পৰে। তেওঁৰ একো একোটা প্ৰচণ্ড ঘোচাই তেওঁক প্ৰতিখন মেচত বক্সিঙৰ ৰজালৈ ৰূপান্তৰ কৰে। পৰাজয়ৰ গ্লানি সহ্য নকৰাকৈ বৰ্তমানলৈকে কেৰিয়াৰৰ ৫০ খন মেচতেই অপ্ৰতিৰোধ্য হৈ ৰৈছে এই বিশেষ প্ৰফেচনেল বক্সাৰ জনে। আৰু কেৰিয়াৰত সদায়েই অপ্ৰতিৰোধ্য হৈয়েই ২০১৭ চনত বক্সিং ৰিঙৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী আমেৰিকাৰ প্ৰফেচনেল বক্সাৰ ফ্লইড মেৱেদাৰে।
প্ৰফেচনেল বক্সিংৰ জগতখনলৈ শেহতীয়াকৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। এসময়ত অপ্ৰতিৰোধ্য হৈ ৰোৱা, বক্সিং ৰিঙৰ অঘোষিত ৰজা আমেৰিকাৰ ফ্লইড মেৱেদাৰ পুনৰ ঘূৰি আহিব বক্সিঙৰ জগতখনলৈ। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীত পুনৰ ফ্লইডে টকিঅ’ৰ পৰা বক্সিং ৰিঙলৈ নমাই আনিব ধুমুহা।
খবৰ অনুসৰি টকিঅ’ত ২৮ ফেব্ৰুৱাৰীত ফ্লইডৰ মেচ অনুষ্ঠিত হ’ব। ‘মেগা ২০২১’ নামৰ ইভেণ্টখনৰ ২৮ ফেব্ৰুৱাৰীৰ মেচখনত ফ্লইডৰ বিপক্ষে কোন ৰিঙত নামিত সেয়া এতিয়ালৈকে জানিব পৰা নাই যদিও প্ৰতিযোগিতাখনত কেৱল চেম্পিয়ন পৰ্যায়ৰ হে যে বক্সাৰ থাকিব সেয়া নিশ্চিত কৰিছে।
ইফালে ২০১৭ চনতেই ৰিঙৰ পৰা অৱসৰ লোৱা ফ্লইডে কিছুদিন পূৰ্বে এক ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ কৈছে, ‘জাপান, মই আহি আছোঁ। মই জানোঁ আগন্তুক বৰ্ষত অলিম্পিক হ’ব কিন্তু আমাৰ যুজঁৰ মজা অলপ বেলেগ হ’ব।’
উল্লেখ্য যে ফ্লইড মেৱেদাৰে তেওঁৰ শেষৰ খন প্ৰফেচনেল মেচ ২০১৭ চনত খেলিছিল। ইয়াৰ পূৰ্বে আকৌ ২০১৫ চনত ‘ফাইট অফ দ্যা চেঞ্চুৰী’ নামেৰে এখন মেচ খেলিছিল। এই ‘ফাইট অৱ দ্যা চেঞ্চুৰী’ৰ জৰিয়তে তেওঁ ৩০০ মিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এখন মেচৰ পৰা ইমান বৃহৎ অৰ্থ উপাৰ্জন কৰি ফ্লইডে এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল।