অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ বাছনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ খেলুৱৈ ৰয় ৰাজকুমাৰে ৷ গুৱাহাটীৰ প্ৰতিভাবান খেলুৱৈক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনৰ মঞ্চ দিবলৈ গুৱাহাটী ক্ৰীড়া সন্থাই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৷ তাৰেই অংশ হিচাপে কোকৰাঝাৰত অসম ফুটবল সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ বাছনি শিবিৰৰলৈ গুৱাহাটী ক্ৰীড়া সন্থাই প্ৰেৰণ কৰিছিল কেইবাগৰাকীও স্থানীয় প্ৰতিভাবান ফুটবলাৰ ৷ তাৰ মাজৰপৰাই ৰাজকুমাৰক নিৰ্বাচন কৰি ফেডাৰেচনে ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰ (২০০৬ত জন্ম লভা ল’ৰা)ৰ বাবে আমন্ত্ৰণ জনাইছে ৷ গুৱাহাটী চিটি এফ চিৰ অনুৰ্ধ ১৭ খেলুৱৈ লেফ্ট বেক ৰাজকুমাৰে ইতিমধ্যে গুৱাহাটী ক্ৰীড়া সন্থাৰ হৈ জুনিয়ৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে ৷ ৰাজকুমাৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই ৷ তেওঁলোকে কয় যে কেৱল ফুটবলেই নহয়, সন্থাৰ অন্তৰ্গত আটাইকেইবিধ খেলৰ প্ৰতিভাবান স্থানীয় খেলুৱৈসকলক প্ৰদৰ্শনৰ শ্ৰেষ্ঠ মঞ্চ দিয়া আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে সন্থা দায়বদ্ধ ৷