Friday, September 30, 2022
HomeNews১০ টা অপাৰেশ্যনৰ পিছত পুনৰ ফিল্ডত নামিল ফুটবল তাৰকা

১০ টা অপাৰেশ্যনৰ পিছত পুনৰ ফিল্ডত নামিল ফুটবল তাৰকা

অলিম্পিয়া প্ৰতিবেদন

বিগত বৰ্ষত ফুটবল বিশ্বত ঘটি গ’ল বহু অঘটন । কোনোৱে যদি ফুটবলত নিজৰ জীৱন আৰম্ভ কৰিছে আন কোনোৱে আকৌ ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । কিন্তু তাৰ মাজতে বিশ্ববিখ্যাত ফুটবলাৰ নৰৱেৰ ওমৰ এলাবদেল্লাউইৰ কাহিনী অলপ পৃথক । নৰৱেৰ এই খেলুৱৈগৰাকীয়ে তুৰস্কৰ আগশাৰীৰ ফুটবল ক্লাব গালাতাছাৰাইৰ হৈ খেলি যথেষ্ট সুনাম অৰ্জন কৰিছে । বিগত ৪২৩ টা দিনত ১০ বাৰকৈ চকুৰ অপাৰেশ্যন হোৱাৰ পাছতো তেওঁ পুনৰ নামি পৰিছে ফুটবল ফিল্ডত ।
উল্লেখযোগ্য যে যোৱা ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰত বৰ্ষপূৰ্তিৰ আনন্দ উদযাপন কৰি থকাৰ সময়ত আতছবাজী ফুটাওঁতে ঘটিছিল এটি আকস্মিক দূৰ্ঘটনা । যাৰ ফলত জ্বলি গৈছিল তেওঁৰ মুখমণ্ডল । হেৰুৱাইছিল দৃষ্টিশক্তি । তাৰ পাছতেই তেওঁ ফুটবল এৰি কটাবলগীয়া হৈছিল মেডিকেলৰ জীৱনত । এদিন-দুদিন নহয়, সম্পূৰ্ণ ৪২৩ টা দিন মেডিকেলত কটোৱাৰ পাছত পুনৰ সুস্থ হৈ উঠিল বিশ্ববিখ্যাত ফুটবলাৰজন । ক্ৰমশ: ঘূৰাই পাইছিল দৃষ্টিশক্তি । ২০২১ বৰ্ষৰ জুলাইত চকুত চশমা লগাই পুনৰ অনুশীলনত নামি পৰিল খেলুৱৈজন । ফুটবল মনে প্ৰাণে ভাল পোৱা এইজন তাৰকা বৰ্তমান হৈ পৰিছে সকলোৰে প্ৰেৰণাৰ উৎস । এনে এক জটিল পৰিস্থিতি পাৰ কৰি নিজকে পুনৰ ফুটবলত জড়িত হোৱা এইজন খেলুৱৈয়ে ২২ বৰ্ষৰ ফেব্ৰুৱাৰীত গালাতাছাৰাই ক্লাবৰ হৈ খেলত নামিল । মেচখনত তেওঁৰ দলে গজতেপৰ বিৰুদ্ধে ৩-২ গলত জয় লাভ কৰিলে যদিও মেচখনত জিলিকি থাকিল ওমৰ । দলৰ জয়লাভতকৈও ওমৰৰ প্ৰতিযোগিতামূলক ফুটবললৈ প্ৰত্যাৱৰ্তনক আদৰিলে সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments