Sunday, October 2, 2022
HomeNewsকিনাৰাম হাজৰিকা প্ৰাইজমানি ফুটবলত কহিগুৰি এফ চি চেম্পিয়ন

কিনাৰাম হাজৰিকা প্ৰাইজমানি ফুটবলত কহিগুৰি এফ চি চেম্পিয়ন

দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ ডিমৌ অঞ্চলৰ প্ৰাক্তন ফুটবলাৰ গনেশ ডেকাৰ তত্ত্বাৱধানৰ ডিমৌ ফুটবল ক’চিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত কিনাৰাম হাজৰিকা সোঁৱৰণী প্ৰাইজমানি আমন্ত্ৰণমূলক ফুটবল (ছেভেন-এ-চাইড) প্ৰতিযোগিতাত কহিগুৰি ফুটবল ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । ডিমৌ চাৰিআলিৰ সমীপৰ খেলপথাৰত শনিবাৰে এদিনীয়াকৈ ব্যতিক্ৰমীভাৱে আয়োজিত এই প্ৰতিযোগিতাৰ ফাইনেলত কহিগুৰি এফ চি য়ে নগাঁও অ’ল্ড ষ্টাৰ দলক ৪-১ গ’লত পৰাজিত কৰে । খেলখনত কহিগুৰি এফ চিৰহৈ মাধৱ কোঁৱৰে দুটা, মৃদুল দাস আৰু বিনোদ বৰদলৈয়ে এটাকৈ গ’ল দিয়াৰ বিপৰীতে নগাঁও অ’ল্ড ষ্টাৰৰহৈ দীপ পাটৰে একমাত্ৰ গ’লটো দিয়ে ।খেলখন পৰিচালনা কৰাত ৰেফাৰী কল্যাণ বৰুৱাক সহায় কৰে বিমল দাস, পৰাগমনি বৰদলৈ আৰু পবিত্ৰ বৰা (চতুৰ্থ)ই । ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ফাইনেলখনৰ অন্তত নগাঁও ক্ৰীড়া সংস্থাৰ উপ সভাপতি প্ৰশান্ত কুমাৰ বৰা, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, ভূপেন হাজৰিকা, প্ৰদীপ হাজৰিকা, গৌতম বৰুৱা, প্ৰাক্তন ফুটবলাৰ বিমল ডেকা, যতীন ডেকা, সুৰেশ ডেকা, গনেশ ডেকা, দিগন্ত পাটৰ, সাংবাদিক জয়ন্ত মুদৈ, যুৱ কৰ্মী মনোজ কলিতা আৰু অমিয় বৰদলৈ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ আঠটা দলে ভাগ লোৱা প্ৰতিযোগিতাখনত বালিসৰা ফুটবল ক্লাবৰ দীপাংকৰ বৰদলৈ সৰ্বোচ্চ গ’লদাতা, কহিগুৰিৰ মৃদুল দাস শ্ৰেষ্ঠ খেলুৱৈ আৰু গুৱাহাটীৰ মা ভাৰতী ক’চিং চেণ্টাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰূপে পৰিগণিত হয় । উল্লেখ্য যে, ছেমি ফাইনেলত কহিগুৰি ফুটবল ক্লাবে বালিসৰা এফ চিক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৮-৬ (১-১) গ’লত আৰু নগাঁও অ’ল্ড ষ্টাৰ দলে গুৱাহাটীৰ গৌতম বৰুৱাৰ তত্ত্বাৱধানৰ মা ভাৰতী ক’চিং চেন্টাৰক ৩-১ গ’লত হৰুৱাই ফাইনেলত উপনীত হয় ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments