Tuesday, October 4, 2022
HomeNewsছেইল ফুটবল একাডেমীৰ বাবে খেলুৱৈ বাচনি দুলিয়াজানত

ছেইল ফুটবল একাডেমীৰ বাবে খেলুৱৈ বাচনি দুলিয়াজানত

অলিম্পিয়া প্ৰতিবেদন

ষ্টীল অথৰিটী অফ ইণ্ডিয়া লিমিটেড চমুকৈ ছেইল ফুটবল একাডেমীৰ বাবে দুলিয়াজানত অহা ২ আৰু ৩ এপ্ৰিলত বাচনি শিৱিৰৰ আয়োজন কৰা হৈছে । ঝাৰখণ্ডৰ বোকাৰু ছেইল ফুটবল একাডেমী আৰু পশ্ছিমবংগৰ বাৰ্ণপুৰ ছেইল ফুটবল একাডেমীৰ বাবে খেলুৱৈৰ সন্ধানত এই বাচনি অনুষ্ঠিত হ’ব । দুলিয়াজানৰ নেহৰু মৈদানত পুৱা ৭ বজাৰ পৰা বাচনি পৰ্ব আৰম্ভ হ’ব । শিবিৰত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক খেলুৱৈ ২০০৬ ৰ ১ জানুৱাৰীৰ পৰা ২০০৭ ৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা হ’ব লাগিব । গ’ল ৰক্ষকৰ উচ্চতা ৫ ফুট ১০ ইঞ্চি আৰু আন খেলুৱৈৰ উচ্চতা ৫ ফুট ৭ ইঞ্চিৰ হ’ব লাগিব তথা দাঁতৰ সংখ্যা ২৮ ৰ অধিক হ’ব নালাগিব । প্ৰাৰ্থীয়ে আধাৰ কাৰ্ড, জন্মৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি আৰু পাছপৰ্ট আকাৰৰ ফটো জমা দিব লাগিব । আগ্ৰহীসকলে ৰাগুই সিং- ৬০০০৫-৪৬৮৩৩ নাইবা ভবেন চাংমাই – ৭০০২২-৬৭২৯২ৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments