Monday, October 3, 2022
HomeNewsডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী প্ৰাইজমানি ফুটবলত চামতা এফ চিৰ জয়

ডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী প্ৰাইজমানি ফুটবলত চামতা এফ চিৰ জয়

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

ভাৰতীয় জনতা যুৱমৰ্চা, নলবাৰী জিলা সমিতিৰ উদ্যোগত ডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক প্ৰাইজমানি নকআউট ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চুড়ান্ত খেলত চামতা ফুটবল ক্লাবে ৰাইজিং ফুটবল ক্লাবক টাইব্ৰেকাৰৰ সহায়ত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি নগদ ৩০ হেজাৰ টকা লাভ কৰে । বিজেতা ৰাইজিং দলে লাভ কৰে নগদ ২০ হেজাৰ টকা । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় চামতা দলৰ নিৰুপম তালুকদাৰ । উল্লেখ্য যে প্ৰতিখন খেলতে শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচন কৰি নগদ ধনেৰে পুৰস্কৃত কৰা হৈছিল । খেলখন উদ্ধোধন কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । অতিথি হিচাপে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাঙ্ক তালুকদাৰ, যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি হেমন্ত বৰ্মন, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আদিয়ে । আটায়ে যুৱমৰ্চা নলবাৰী সমিতিৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ় দিয়াৰ বাবে আহ্বান জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments