Wednesday, September 28, 2022
HomeNewsদাওহাৰু মুংখলং ট্ৰফী ফুটবল,ইউনাইটেড চিৰাং দুৱাৰ এফ চি ছেমিত

দাওহাৰু মুংখলং ট্ৰফী ফুটবল,ইউনাইটেড চিৰাং দুৱাৰ এফ চি ছেমিত

অলিম্পিয়া প্ৰতিবেদন

কোকৰাঝাৰ জিলাৰ দোতমাত চলা ২৩ সংখ্যক দাওহাৰু মুংখলং ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ইউনাইটেড দুৱাৰ এফ চিয়ে । দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মংগলবাৰে অনুষ্ঠিত খেলখনত চিৰাং দুৱাৰ এফ চিয়ে কচুগাঁৱৰ বনজাৰ এফ চিক ৫-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে । তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনত প্ৰথমাৰ্ধৰ ১৮, ৩০ আৰু ৩৯ মিনিটত ক্ৰমে চৌমদম বসুমতাৰী, মিথিংগা দৈমাৰী আৰু ৰাণা বসুমতাৰীয়ে দিয়া একোটাকৈ গ’লৰ সহায়ত বিৰতিলৈকে ইউনাইটেড চিৰাং দুৱাৰ এফ চি ৩-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে । বিৰতিৰ পিছত বনজাৰ এফ চিয়ে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে আৰু তিনিওটা গ’ল পৰিশোধ কৰি সমতা স্থাপন কৰাত খেলখন আকৰ্ষণীয় হৈ পৰে । বনজাৰৰ হৈ ৫৬ মিনিটত বনছান, ৬২ মিনিটত উইলবাৰ্ট আৰু ৬৯ মিনিটত বিৰলা বিশালে একোটাকৈ গ’ল পৰিশোধ কৰে । কিন্তু উত্তেজনাপূৰ্ণ খেলখনত সুদক্ষ খেলুৱৈ মিথিংগা দৈমাৰীয়ে ৭১ আৰু ৮২ মিনিটত একেৰাহে দুটাকৈ গ’ল প্ৰদান কৰি চিৰাং দুৱাৰ এফ চিৰ বিজয় নিশ্চিত কৰে । তিনিটাকৈ গ’ল প্ৰদান কৰি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা মিথিংগা দৈমাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। খেলখন পৰিচালনা কৰে নৱজিত বসুমতাৰীয়ে । বুধবাৰৰ খেলত চেৰফাংগুৰীৰ ছানজৰাং ক্লাবৰ বিপৰীতে ছালাকাটিৰ মাইদাংশ্ৰী এফ চি অৱতীৰ্ণ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments