Sunday, October 2, 2022
HomeNewsদক্ষিণ কামৰূপৰ বনগাৱত ফুটবলৰ চূড়ান্ত যুঁজ, চেম্পিয়ন নংবাগ ফুটবল দল

দক্ষিণ কামৰূপৰ বনগাৱত ফুটবলৰ চূড়ান্ত যুঁজ, চেম্পিয়ন নংবাগ ফুটবল দল

✍️ বকোৰ পৰা মনোজ কুমাৰ দাসৰ প্ৰতিবেদন

দক্ষিণ কামৰূপৰ বনগাৱত ফুটবলৰ চূড়ান্ত যুঁজ । এ ডিভিজন আন্তঃক্লাব লীগৰ ৰোমাঞ্চকৰ খেল । সমুখ সমৰত নংবাগ ফুটবল দল বনাম জনজাতীয় স্পৰ্টিং ক্লাব । বিজয়ী মুকুট পিন্ধিলে নংবাগ ফুটবল দল ।

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা এ ডিভিজন আন্তঃক্লাব লীগ ফুটবল প্ৰতিযোগিতাখৰ বৃহস্পতিবাৰে সফল সামৰণি ঘটে । বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত অনন্ত দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণত মৈদানত নামিল জনজাতীয় স্পৰ্টিং ক্লাব বনাম নংবাগ ফুটবল দল। নংবাগ ফুটবল দলে জনজাতীয় স্প’ৰ্টিং ক্লাবক ন্যুনতম গ’লত হৰুৱাই জয়ৰ খিতাপ অৰ্জন কৰে । প্ৰতিযোগিতাত নংবাগ দলৰ মোহন ৰাভা আৰু গোবিন্দ ৰাভাই ক্ৰমে শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গোলকীপাৰৰ বঁটা লাভ কৰে । আনহাতে বন্দাপাৰা জনতা সংঘৰ ৰণদীপ বড়োৱে লাভ কৰে শ্ৰেষ্ঠ গ’লদাতাৰ বঁটা ।

আনহাতে ফাইনেলৰ আগে আগে অনুষ্ঠিত হয় এখন প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেল ।ইয়াত অংশ ললে কামৰূপা ফুটবল কোচিং চেন্টাৰ বনাম ৰামপুৰ ইউনাইটেড । মেচখনে আমোদ দিলে বৃহত্তৰ বনগাঁৱৰ ফুটবলপ্ৰেমী ৰাইজক । এই প্ৰদৰ্শনীমূলক খেলত
কামৰূপা ফুটবল কোচিং চেণ্টাৰে ৰামপুৰ ইউনাইটেড ফুটবল ক্লাবক ৫-০ গ’লত হৰুৱায় । মহিলাৰ খেলুলৈসকলক উৎসাহিত কৰিলে শিক্ষণ-প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা পূৰবী ৰাভা আৰু ফিজিঅ’ চিকিৎসক ডাঃ পল্লবী নাথে ।
উল্লেখযোগ্য যে চূড়ান্ত খেলখনত অতিথি ৰূপে উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা আৰু প্ৰতিযোগিতাৰ দাতা হৰকান্ত দাসকে আদি কৰি ক্ৰীড়া জগতৰ বহু বিশিষ্ট ব্যক্তি ।

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ পদক্ষেপক শলাগিছে ফুটবল অনুৰাগীয়ে। ৰাইজে আশা কৰিব বনগাৱত এনেদৰে ক্ৰীড়াৰ পৰিবেশ সদায় অনুুকুল হৈ ৰওক । বনগাঁও ক্ৰীড়া সন্থাৰ মৈদানৰ পৰাই সৃষ্টি হওক নৱপ্ৰজন্মৰ ফুটবলাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments