Sunday, October 2, 2022
HomeNewsফুটবল আৰু স্বাধীনতা: আইভৰী কোষ্টৰ স্বাধীনতা আৰু দিদিয়েৰ দ্ৰগবা

ফুটবল আৰু স্বাধীনতা: আইভৰী কোষ্টৰ স্বাধীনতা আৰু দিদিয়েৰ দ্ৰগবা

অলিম্পিয়া প্রতিবেদন

১৯৬০ চনৰ ১১ জুলাই ফ্ৰান্সৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰাৰ পিছৰে একনায়কত্ববাদী শাসনৰ বাবে আন একোৱেই দেখা নাই আইভৰী কোষ্টৰ জনতাই৷ একনায়কত্ববাদ, স্বৈৰাচাৰীতা, দীৰ্ঘদিনীয়া গৃহযুদ্ধ আদিত বিধস্ত দেশখনৰ জনতাৰ বাবে আশাৰ নাম আছিল কেৱল ফুটবল৷ চৌদিশৰ অশান্তিৰ মাজত তেওঁলোকে শান্তি বিচাৰি পাইছিল ফুটবলৰ জৰিয়তে৷ ২০০৬ বৰ্ষত বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ছুদানৰ বিৰুদ্ধে লাভ জয়লাভৰ সুবাদত বিশ্বকাপৰ টিকট লাভ কৰে আইভৰী কোষ্টে৷ দ্ৰগবা, ত’ৰে, ইবুয়েৰাৰা তাণ্ডবৰ সন্মুখত সেইদিনা ৩-ঙ্ম গ’লত বিধস্ত হৈছিল ছুদান৷ সেইদিনা বিশ্বকাপৰ টিকট লাভ কৰাৰ আনন্দত খেৱুৱৈ, প্ৰশিক্ষক আৰু আন আন জনতা যেতিয়া উদ্‌যাপন ব্যস্ত আছিল, তেতিয়া ড্ৰেছিং ৰূমত মাইক হাতত তুলি লৈছিল দ্ৰগবাই৷ আইভৰী কোষ্টৰ নেচনেল টেলিভিছনত দেশৰ জনতাৰ উদ্দেশ্য পোনপটীয়া বক্তব্য ৰাখিলে তেওঁ–‘‘হে আমাৰ প্ৰিয়জনগন, পৃব-পশ্চিম-উত্তৰ-দক্ষিণ, যি অংশতেই আপুনি নেথাকক কিয়, আমি একেলগ হওঁ আহক৷ একেলগে হ’লে আমি কি কৰিম দেখুওৱাব নোৱাৰিব৷ বিশ্বকাপ ফুটবল খেলাৰ যোগ্যতা আমি অৰ্জন কৰিছো৷ মই আপোনালোকৰ সন্মুখত মূৰ দোৱাই অনুৰোধ জনাইছো । (উল্লেখ যে সেই সময়ত দ্ৰগবাৰ সৈতে কেমেৰাৰ সন্মুখত আঠু লৈছিল আইভৰী কোষ্ট ফুটবল দলৰ প্ৰতিজন সদস্যই) ৷ আমাৰ এই সম্পদশালী দেশক যুদ্ধৰ মাজত শেষ হ’বলৈ নিদিব৷ অস্ত্ৰ পৰিহাৰ কৰক৷ নিৰ্বাচন হওক, শান্তি আনক৷’’

জনতাৰ সন্মুখত দ্ৰগবাই এই অনুৰোধ জনাই থকাৰ সময়ত তেওঁৰ কাষত আছিল ত’ৰে৷ দেশখনৰ উত্তৰাঞ্চলৰ বাসিন্দা তেওঁ৷ দ্ৰগবাৰ জন্ম দক্ষিণাঞ্চলত৷ কিন্তু ইতিমধ্যেই বৃহৎ ৰূপ ধাৰণ কৰা গৃহযুদ্ধ ইমান সহজতে শেষ হোৱাতো সহজ নাছিল৷ কিন্তু দ্ৰগবাৰ সেই আহ্বানৰ পিছতেই দেশৰ জনতাই ভাবিবলৈ আৰম্ভ কৰিলে৷ একগোট থাকিলে দেশৰ উন্নতি হ’ব৷ ফুটবল দলত যদি সামিল-মিলৰ মাজেৰে থাকি দেশৰ বাবে যদি গৌৰৱ অনাৰ বাবে একেলগে যুঁজিব পৰা যায়, তেনেহলে দেশৰ মাজতো মিলা মিচাকৈ থাকিব পৰা যাব৷ ইয়াৰ দুবছৰৰ পিছত অনুষ্ঠিত আফ্ৰিকান কাপৰ কোৱালিফায়িং মেচ নিজা উদ্দে্যাগত দেশৰ উত্তৰাঞ্চলত অনুষ্ঠিত কৰে দ্ৰগবাই৷ যাতে সেই অঞ্চলৰ জনতাইও ভাবিবলৈ বাধ্য হয় যাতে তেওঁলোকো দেশৰ নাগৰিক৷ দেশৰ বাকী অংশৰ পৰা তেওঁলোক অৱহেলিত নহয়৷ আইভৰী কোষ্টৰ গৃহযুদ্ধ শেষ হোৱাৰ বাবে ইয়াৰ পিছতো পাঁচ বছৰ সময় লাগিছিল৷ ২০১১ ত নিৰ্বাচনৰ পিছত গণতান্ত্ৰিক ব্যৱস্থা আৰম্ভ হৈছে দেশখনত৷ কিন্তু বিশ্ব ইতিহাসৰ সেই ৰক্তাক্ত গৃহযুদ্ধৰ সামত্তিৰ বাবে দ্ৰগবাৰ সেই আহ্বানে ঔষধৰ দৰে কাম কৰিছিল৷ সেয়া দ্ৰগবাৰ বাবে সৰ্বোত্তম প্ৰাপ্তি৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments