ফুটবল আৰু স্বাধীনতা : ব’বানৰ ‘‘একশ্যন’’ আৰু ক্ৰ’ৱেছিয়াৰ স্বাধীনতা যুদ্ধ

অলিম্পিয়া প্রতিবেদন

২০১৮, পোন্ধৰ জুলাই, ৰাছিয়াৰ লুঝানিকি ষ্টেডিয়াম৷ সেইবাৰৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল ফ্ৰান্সৰ বিৰুদ্ধে ক্ৰ’ৱেছিয়া৷ খেল আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰ’ৱেছিয়াৰ জাতীয় সংগীতেৰে মূখৰিত হৈছিল ষ্টেডিয়াম৷ সেই সংগীতৰ লহৰত বিভোৰ হৈছিল লুকা মাদ্ৰিছ, ইভান ৰাকিতিছ, ক্ৰ’ৱেছিয়াৰ জনগণ৷ জাতীয় সংগীতৰ প্ৰতিটো শব্দৰ সৈতে তেওঁলোকৰ দুচকুৰে নিগৰি গৈছিল অশ্ৰু৷ আবেগ বিহবল হৈ পৰিছিল প্ৰতিজন ক্ৰ’ৱেছিয়ান৷ ৩০ বছৰ পূৰ্বে যিটো আছিল তেওঁলোকৰ অলীক কল্পনা, সেয়া সেইদিনা বাস্তৱ হৈ ধৰা দিছিল তেওঁলোকৰ সন্মুখত৷ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু ত্যাগৰ পিছত প্ৰাপ্তিৰ আনন্দ৷ হ’বইটো। লাখ লাখ ক্ৰে’ৱেছিয়ানৰ সপোনক আগ্ৰাসী নীতিৰ হাতোৰাৰে বন্দী কৰি ৰখা দেশখনতেই বিশ্বকাপৰ ফাইনেল খেলাৰ সুযোগ৷ এক ঐতিহাসিক মূহুৰ্ত৷ সেই আবেগিক মূহুৰ্তৰ মাজত নিজকে বিলীন কৰি দিছিল ৪০ লাখ ক্ৰে’ৱেছিয়ানে৷ সেই বিৰল মূহুৰ্তৰ লগতে ক্ৰ’ৱেছিয়াৰ সকলো প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হৈছিল ফুটবলৰ জৰিয়তে তেওঁলোকে লাভ কৰা স্বাধীনতাৰ মূহুৰ্তবোৰ৷ লগে লগে সমস্বৰে উচ্ছাৰিত হৈছিল তেওঁলোকক স্বাধীনতাৰ সপোন দেখুওৱা কিংবদন্তী ফুটবলাৰ জভ’নামিৰ ব’বানৰ নাম৷

নিয়ন্ত্ৰক যুগ’শ্লাভিয়াৰ বিৰুদ্ধে ক্ৰ’ৱেছিয়াৰ স্বাধীনতা যুদ্ধ আৰম্ভ হৈছিল ১৯৯০ চনৰ ৩০ মে’ত৷ অৱশ্যে কাগজত সেয়া লিপিবদ্ধ ১৯৯১ চনৰ ৩১ মাৰ্চ হিচাবে৷ সেইসময়ত যুগ’শ্লাভিয়া আছিল বিভিন্ন জাতিসত্তাৰে গঠিত এখন বিশাল ৰাষ্ট্ৰ৷ ১৯৮০ চনত মাৰ্চেল টি ট ’ৰ মৃত্যুৰ পিছত এক অচলাবস্থাৰ সৃষ্টি হৈছিল দেশখনত৷ এই অস্থিৰতাৰ মাজত ক্ৰ’ৱেছিয়াৰ জনগণৰ বাবে এক মাত্ৰ ভৰষাৰ প্ৰতীক হৈ পৰে ফুটবল৷ যুগ’শ্লাভিয়া ফুটবল লীগত ক্ৰ’ৱেছিয়াক প্ৰতিনিধিত্ব কৰা দেশখনৰ পেচাদাৰী ফুটবল ক্লাব ডায়নাম’ জাগৰেবকেই তেওঁলোকে দায়িত্ব দিছিল সেই আশাৰ প্ৰদীপ গচি উজলাই ৰখাৰ৷ চৌদিশে দুৰ্ভিক্ষ, প্ৰতিবাদ আদি উত্তাল পৰিবেশৰ মাজতেই অনুষ্ঠিত যুগ’শ্লাভিয়া ফুটবল লীগৰ এখন খেলে সমগ্ৰ পৰিৱেশেই সলনি কৰিছিল৷

খেলখন হৈছিল অখণ্ড যুগ’শ্লাভিয়াৰ ৰাজধানী বেলগ্লেভৰ ক্লাব ৰেড ষ্টাৰৰ ‘ডালিজ’ আৰু ডাইনামো জাগৰেবৰ বেড ব্লু বয়জৰ মাজত৷ দেশ তেতিয়া উত্তাল৷ তাৰ মাজত খেলপথাৰত দুই বৈৰী৷ খেল যে কেৱল ফুটবল খেলপথাৰৰ মাজতেই আৱদ্ধ নেথাকিব সেয়া সহজেই অনুমেয়া আছিল৷ সেইবাবেই মোতায়ন কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী আৰু সেনাবাহিনী৷ নকলেও হ’ব যে নিৰাপত্তা বাহিনীও আছিল বেলগ্ৰেডৰ পক্ষতেই৷ উত্তাপ আছিল ষ্টেডিয়ামৰ বাহিৰে ভিতৰে৷ খেলৰ ১০ মিনিটত ৰেফাৰীৰ এক ভূল সিদ্ধান্ত৷ বচ হৈ গল৷ খেল তাতেই শেষ৷ ইয়াৰ পিছত খেল পথাৰত কেৱল সংঘৰ্ষ৷ আৰক্ষীয়ে খেলুৱৈ সকলক নিৰাপদ স্থানলৈ নিয়াৰ বাবে ব্যস্ত হৈ পৰিছে৷ ইয়াৰ মাজতেই জভ’নমিৰ ব’বানে প্ৰত্যক্ষ কৰিলে এজন প্ৰতিবাদ কাৰীৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলাই থকাৰ দৃশ্য৷ দ্বিতীয়বাৰ নেভাবি ব’বান আগবাঢ়ি গ’ল আন্দোলনকাৰীজনক সহায় কৰাৰ বাবে৷ ইয়াৰ পিছত আৰক্ষীৰ মূখত ব’বানৰ প্ৰচণ্ড গোৰ৷ আৰক্ষীয়ে কিবা কৰাৰ আগতেই সমৰ্থকে নিৰাপদ স্থানলৈ আতৰাই আনে ব’বানক৷ ফলাফল ঃ যুগ’শ্লাভিয়াত নিষিদ্ধ হ’ল ব’বান৷

১৯৯০ চনৰ বিশ্বকাপৰ পৰা যুগ’শ্লাভিয়াই নিষিদ্ধ কৰে ব’বানক৷ সুযোগ বুজি যুগ’শ্লাভিয়াৰ পৰা ব’বানক ক্ৰয় কৰে ইটালিৰ জনপ্ৰিয় ফুটবল ক্লাব এ চি মিলানে৷ কিন্তু ব’বানৰ সেই প্ৰচণ্ড গোৰটোৱেই ক্ৰ’ৱেছিয়াবাসীক এক নতুন চিন্তাৰ সন্ধান দিলে৷ সপোন দেখুওৱালে এখন নতুন দেশৰ৷ আৰম্ভ স্বাধীন দেশৰ গ্ৰাহৰ বাবে সংগ্ৰামৰ কুচকাবাজ৷ তীব্ৰ আন্দোলনৰ অন্তত সেই ঘটনাৰ এবছৰৰ পিছত অৰ্থাৎ ১৯৯১ চনৰ ২৫ জুনত স্বাধীনতাৰ সোৱাদ লাভ কৰে ক্ৰ’ৱেছিয়াই৷ সেইদিনাৰ সেই ঘটনা আজিও সজীৱ ব’বানৰ স্মৃতিত৷ বৰ্তমান ইউ ই এফ এ’ৰ শীৰ্ষ কৰ্মকৰ্তা ব’বানে কেৰিয়াৰৰ অধিক সময়েই ইটালীৰ জনপ্ৰিয় ক্লাব এচি চি মিলানৰ হৈ খেলে৷ ক্লাবটোৰ হৈ ছিৰি ‘এ’ আৰু ইউ ই এফ এ’ৰ খিতাপ জয় কৰে তেওঁ৷ ১৯৯৮ ত বিশ্বকাপ ফুটবলত তৃতীয় স্থান লাভ কৰা ক্ৰ’ৱেছিয়া দলটোৰ নেতৃত্ব দিছিল এই ফুটবল কিংবদন্তীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *