Wednesday, September 28, 2022
HomeNewsমৰিয়নিত ফুটবলৰ প্ৰশিক্ষণ শিবিৰ

মৰিয়নিত ফুটবলৰ প্ৰশিক্ষণ শিবিৰ

✍️ মৰিয়নিৰ পৰা মনোজ বৰগোঁহাইৰ প্ৰতিবেদন

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি অঞ্চলৰ জংঘলব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু বাহনি চাহ বাগিচাৰ সহযোগত যোৱা ৭- ১২ ফেব্ৰুৱাৰীত সাতদিনীয়া এক ফুটবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । জংঘলব্লক হাইস্কুল খেল পথাৰত অনুষ্ঠিত শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে এ এফ চি স্বীকৃতিপ্ৰাপ্ত ফুটবল প্ৰশিক্ষক খগেন শইকীয়া আৰু সহকাৰী প্ৰশিক্ষক হিচাপে থাকে ঋতু দাস । জংঘলব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ পতাকা মৰিয়নি ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক প্ৰদীপ মজুমদাৰৰ দ্বাৰা আৰু বাহনি চাহ বাগিচাৰ পতাকা চাহ বাগিচাখনৰ পৰিচালক মনোজ বৰগোহাঁইৰ দ্বাৰা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । প্ৰশিক্ষণ শিবিৰত বৃহত্তৰ মৰিয়নি অঞ্চলৰ লগতে নকছাৰী-ডেবেৰাপাৰ, তিতাবৰ, ধপাতবাৰী, বাহনি আদিৰ পৰা শতাধিক ফুটবলাৰে অংশগ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানত মুখ্য প্ৰশিক্ষক খগেন শইকীয়া , নগালেণ্ডৰ প্ৰাক্তন ফুটবলাৰ শশী আও, স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ গগৈ আদিয়ে বক্তব্য ৰাখে ।

সাতদিনীয়া প্ৰশিক্ষণ শিবিৰৰ শেষৰ দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত মুখ্য প্ৰশিক্ষক খগেন শইকীয়া, সহঃপ্ৰশিক্ষক ঋতু দাস আৰু মুখ্য আয়োজক তথা স্থানীয় প্ৰশিক্ষক সুদীপ শইকীয়াক উপস্থিত ৰাইজে উষ্ম সম্বৰ্ধনা জনায় । কৃতী শিক্ষক নগেন গগৈয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা বিশিষ্ট ক্ৰীড়া সংগঠক তৰুণ দত্ত, বাহনি চাহ বাগিচাৰ সঞ্চালক সমীৰেন্দ্ৰ নাথ ফুকনে প্ৰশিক্ষকক কৃতজ্ঞতা জনাই খেলুৱৈসকলৰ প্ৰতি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান ৰাখে । উক্ত সামৰণি আনুষ্ঠানতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক দীপেন দাস, বাহনি চাহ বাগিচাৰ পৰিচালক মনোজ বৰগোহাঁই, মৰিয়নি ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক প্ৰদীপ মজুমদাৰ, মৰিয়ণি প্ৰেছ ক্লাৱৰ সা:সম্পাদক দিব্যজ্যোতি শইকীয়া, প্ৰাক্তন ফুটবলাৰ তথা যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক কৃষ্ণ শৰ্মা, প্ৰাক্তন ফুটবলাৰ মৃগন্ত হাজৰিকা, তিতাবৰৰ সমৰকলা প্ৰশিক্ষক দীপাংকৰ দাস, মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ বৰা, ক্ৰীড়া সংগঠক মাণিক গগৈ, শিক্ষক ভুবন গগৈ আদি বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকি অনুষ্ঠানটোৰ শুভাবৰ্ধন কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments