অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যত ক্ৰমাৎ প্ৰাণ পাই উঠিছে ক্ৰীড়াক্ষেত্ৰই। ইখনৰ পিছত সিখনকৈ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। লকডাউনৰ পিছত ক্ৰমাৎ স্বাভাৱিক হ’বলৈ ধৰা পৰিৱেশৰ মাজতে যোৱা ১৬ অক্টোবৰৰ পৰা পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনৰ বুধবাৰে সামৰণি পৰে।

কাৰ্বি আংলং তথা মেঘালয়ৰ মুঠ ৪০ টাকৈ পুৰুষ দল আৰু ৮ টাকৈ মহিলা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতা উপভোগ কৰিবলৈ প্ৰতিদিনে এক বৃহৎ সংখ্যক লোকৰ উপস্থিতি আছিল প্ৰতিযোগিতাখনৰ এক উল্লেখযোগ্য দিশ। ১৬ অক্টোবৰত প্ৰতিযোগিতাখনৰ উদ্ধোধন কৰিছিল প্ৰাক্তন মি: ইণ্ডিয়া বিজিত গগৈয়ে।
বুধবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে লক্ষ্মীবাই শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ পূবৰ মুখ্য ডঃ শংকৰ বসুমতাৰী। বিশেষ অতিথি ৰূপে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী আৰু ক্ৰীড়া ভাৰতী উত্তৰ-পূৱৰ সমন্বয়ক মনোজ মহান্তি।

প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অনুষ্ঠিত হয় মেঘালয়ৰ চাবুদা আৰু কাৰ্বি আংলঙৰ আমগুৰিৰ মাজত। তীব্ৰ উত্তজনাপূৰ্ণ মেচখনত ট্ৰেইবেকাৰৰ জৰিয়তে জয় লাভ কৰে মেঘালয়ৰ চাবুদা ক্লাবে।
অনুষ্ঠানটোৰ শেষত ক্ৰীড়া ভাৰতীৰ প্ৰবীণ মছলাই আৰু সচিব ইম্লান লংফুয়ে উপস্থিত দৰ্শকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।