Friday, September 30, 2022
HomeNewsফুটবলৰ মাজতে সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা :আহত ২০০ ৰো অধিক দৰ্শক...

ফুটবলৰ মাজতে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা :আহত ২০০ ৰো অধিক দৰ্শক !

অলিম্পিয়া প্ৰতিবেদন

ফুটবলৰ মাজতে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাত আহত ২০০ ৰো অধিক দৰ্শক । কথমতি প্ৰাণ ৰক্ষা বহু কেইজন শিশুৰ । এই ঘটনা সংঘটিত হৈছে দক্ষিণ কেৰালাৰ মালাপ্পুৰাম জিলাৰ ওয়াণ্ডুৰ নামৰ এখন ঠাইত । যোৱা শনিবাৰে অনুষ্ঠিত এখন ফুটবল মেচত প্ৰিয় দলৰ প্ৰদৰ্শন চাবলৈ আহিছিল হাজাৰ হাজাৰ দৰ্শক আৰু তেতিয়াই ঘটিল এই অঘটন । বাঁ‌হেৰে নিৰ্মিত অস্থায়ী গেলাৰী ভাগি তললৈ খহি পৰিল ২০০ৰো অধিক দৰ্শক । লগতে খহি পৰিল ফ্লাড লাইটৰ ষ্টেণ্ড ।
উল্লেখনীয় যে খেলখন চলি থকাৰ সময়তে এটা গ’লক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে স্থগিত হৈছিল খেলখন । যাৰ বাবে খেলুৱৈৰ লগতে উত্তেজিত হৈ পৰিছিল দৰ্শকো । এফালে খেলৰ মৃদু উত্তেজনা আৰু আনফালে এক দুৰ্ঘটনা । হুলস্থুলৰ মাজতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । অৱশ্যে ঘটনাৰ পাছতে আহতসকলক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱ হয় । লগতে আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাটোৰ উচিত তদন্ত হোৱাৰ কথা প্ৰকাশ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments