Tuesday, May 17, 2022
HomeNewsজাজৰিত কিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবল আৰম্ভ

জাজৰিত কিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবল আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাট বৰমণিপুৰস্থিত সন্থাৰ নিজা খেলপথাৰত দেওবাৰৰ পৰা প্ৰাক্তন বিধায়ক কিৰণ বৰা সোঁৱৰণী আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে।

জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাই সদৌ অসম ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কটহগুৰি ফুটবল ক্লাৱে বঙলাবাৰীৰ জেউতি ক্লাৱক টাইব্ৰেকাৰত ৫-৪(০-০)গ’লত পৰাজিত কৰে।নিৰ্ধাৰিত সময়ত গ’লশূন্যভাৱে থকা খেলখন পৰিচালনা কৰাত ৰেফাৰী ফাইজ উদ্দিন আহমেদক সহায় কৰে মুছলেহউদ্দিন আহমেদ,উৎপল শইকীয়া আৰু আফটাবউদ্দিন আহমেদে(চতুৰ্থ)। মুঠ ৮টা দলৰ যোগদানৰে আয়োজিত আমন্ত্ৰণমূলক প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালী আৰু চাবুকধৰা জিলা পৰিষদৰ সদস্যা মনীষা বৰদলৈয়ে।

উদ্বোধনী অনুষ্ঠানত সমাজ সংগঠক আব্দুল হাছিম,আবুল খায়েৰ আহমেদ,জিয়াবুৰ ৰহমান,ডাঃ ফাৰ্হান আলি,থগিত চন্দ্ৰ মহন্ত,ওৱাহিদুৰ ৰহমান আদি উপস্থিত থাকে।সোমবাৰৰ খেলত জাজৰিৰ সূৰুযমুখী ক্লাৱে মৰিগাঁৱৰ মইনবড়িৰ বিষ্ণুজ্যোতি ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ বিষয়ববীয়া ইন্তাজ আলি আৰু মাইনুজ জামানে জনাইছে।উল্লেখ্য যে,প্ৰতিযোগিতাৰ আৰম্ভণিতে জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি আব্দুল হাছিমে।

✍️ নগাঁৱৰ পৰা দ্বীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments