Monday, May 23, 2022
HomeNewsকিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবলৰ আজি ফাইনেল

কিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবলৰ আজি ফাইনেল

অলিম্পিয়া প্ৰতিবেদন

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাট বৰমণিপুৰস্থিত সন্থাৰ নিজা খেলপথাৰত চলি থকা প্ৰাক্তন বিধায়ক কিৰণ বৰা সোঁৱৰণী আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন দেওবাৰে অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ বিষয়ববীয়া জাহিদুৰ ৰহমান আৰু ইন্তাজ আলিয়ে জনাইছে।এই প্ৰতিযোগিতাৰ ফাইনেল খেলখনত ন-দলৈ গাঁৱৰ জে.এছ.ক্লাৱে জাজৰি কমলাপট্টিৰ সুৰুজমুখী কাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব।ইতিপূৰ্বে ছেমি ফাইনেলত ন-দলৈগাঁৱৰ জে.এছ. ক্লাৱে জালুগুটিৰ মাজৰবড়ি উদয় সংঘক ২-১গ’লত আৰু জাজৰি কমলাপট্টিৰ সুৰুজমুখী ক্লাৱে ৰহাৰ কটহগুৰি ফুটবল ক্লাৱক ২-১গ’লত পৰাজিত কৰিছিল।

✍️দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments