Monday, October 3, 2022
HomeNewsঅসমৰ ক্ৰীড়া ইতিহাসত নজিৰবিহীন ঘটনা : ফুটবলাৰৰ প্ৰতিবাদত কঁপিল দিছপুৰ

অসমৰ ক্ৰীড়া ইতিহাসত নজিৰবিহীন ঘটনা : ফুটবলাৰৰ প্ৰতিবাদত কঁপিল দিছপুৰ

অলিম্পিয়া প্ৰতিবেদন

ফুটবলাৰৰ প্ৰতিবাদত কঁপিল দিছপুৰ । ৰাজপথত ফুটবল খেলি ফুটবলাৰৰ অভিনৱ প্ৰতিবাদ । ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ সহযোগত সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ এই প্ৰতিবাদ । কুম্ভকৰ্ণ নিদ্ৰাত অসমৰ ক্ৰীড়া বিভাগ কিম্বা অসম ফুটবল সন্থা ।

দেওবাৰৰ দিনটো অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে এক দুখ:জনক দিন হিচাপে চিহ্নিত হ’ল । কাৰণ এখন খেলপথাৰ বিচাৰি খোদ খেলুৱৈসকল নামিব লগা হল প্ৰতিবাদত । ইফালে চৰকাৰৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন, আনফালে এই দৃষ্টিকটু প্ৰতিবাদে ভাবিবলৈ বাধ্য কৰাইছে কোন দিশে অসমৰ ফুটবলাৰৰ ভৱিষ্যত ? কিয় ফুটবলৰ প্ৰতি নিক্ষেপ কৰা হৈছে মাহী আই দৃষ্টি ।
সেয়েহে এইবাৰ সাত সাৱটি বহি নাথাকিল অসমৰ ফুটবলাৰসকল ।
কণমাণি খেলুৱৈৰ পৰা আৰম্ভ কৰি, বিভিন্ন জিলাৰ খেলুৱৈ , প্ৰশিক্ষকে যোগ দিলে এই প্ৰতিবাদত । সকলোৰে এটাই দাবী– সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই ফুটবলৰ বাবে নিৰ্মাণ কৰা নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে এশ শতাংশ সংৰক্ষণ কৰিব লাগে । “অসম ফুটবল সন্থা হায় হায়” , “প্ৰতি জিলাত ফুটবল সন্থা গঠন কৰক” আদি বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ কৰিলে শান্তিপূৰ্ণ প্ৰতিবাদ । গুৱাহাটীৰ টি চি স্কুলৰ সমীপৰ পৰা নেহৰু ষ্টেডিয়ামলৈ খেলুৱৈসকলে পদব্ৰজে উলিয়ালে সমদল ।

কাহানিও প্ৰতিবাদ কৰি নোপোৱা আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা অসম ফুটবল খেলুৱৈ সন্থাৰ সম্পাদক দুৰ্গা বড়োয়ে পুনৰ চৰকাৰলৈ জনালে আহ্বান ।

ফুটবলক ভাল পোৱা বিভিন্ন খেলুৱৈয়ে এই প্ৰতিবাদত চামিল হৈ নেহৰু ষ্টেডিয়াম কেৱল ফুটবলৰ বাবে হোৱাৰ কৰিলে কামনা ।

এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰ বাবে দুখ প্ৰকাশ কৰিলে গুৱাহাটী ইয়ংষ্টাৰ ফুটবল কোচিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ হেম দাস । খেলপথাৰৰ অভাৱত পৰা ৩০ টাকৈ ক্লাবৰ খেলুৱৈসকলক নেহৰু ষ্টেডিয়ামখন মুকলিভাবে এৰি দিবলৈ অনুৰোধ জনালে প্ৰশিক্ষকজনে ।

চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱত অসমত ফুটবলাৰৰ আজি সৃষ্টি হৈছে এই অৱস্থা । গুৱাহাটীত ১০ খন খেলপথাৰ থকাৰ পাছতো অনুশীলনৰ পৰা বঞ্চিত ফুটবলাৰসকল । ভাৰতীয় ফুটবলৰ আইকন পদ্মশ্ৰী তথা অৰ্জুন বটা বিজয়ী বাইচুং ভূটিয়াইও অসমৰ খেলুৱৈৰ দুৰৱস্থাত সহমৰ্মিতা প্ৰকাশ কৰিছে । এতিয়া প্ৰশ্ন হয়, গভীৰ নিদ্ৰাত থকা অসমৰ ক্ৰীড়া বিভাগ অথবা অসম ফুটবল সন্থাক এনে প্ৰতিবাদে গা লৰাব পাৰিবনে ? নে সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি- কেৱল কথাৰ ফুলজাৰিৰে ক্ৰীড়াৰ ৰাজধানী হোৱাৰ সপোনৰ কথা ক’ব । সকলো ক্ৰীডা অনুৰাগীৰ বিনম্ৰ অনুৰোধ — জুয়ে পুৰি হাত পালেহি । নৱপ্ৰজন্মৰ ফুটবলাৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰক চৰকাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments