ভাৰতৰ কাষত চার্জিঅ’ ৰামোছ

অলিম্পিয়া প্রতিবেদন

কেইদিনমান আগতে অলিম্পিক স্বৰ্ণজয়ী জামাইকান স্প্ৰিন্টাৰ য়ুহান ব্লেকে ভাৰতবাসীক উদ্দেশ্যি এখন মুকলি চিঠি লিখিছিল। য’ত ভাৰতৰ কোভিডকালীন ভয়াৱহতাৰ সময়ত ভাৰতবাসীৰ কাষত থিয় দিয়াৰ কথা উল্লেখ আছিল। ইপিনে কোভিড আক্ৰান্তৰ সাহাৰ্য্যৰ বাবে আই পি এল তাৰকাসকলেও বিভিন্ন ধৰণে সহায় আগবঢ়াইছে। তেনে এক সময়তে ভাৰতৰ কাষত থিয় দিছে ৰিয়েল মাদ্রিদৰ অধিনায়ক চার্জিঅ’ ৰামোছে।

ভাৰতৰ সৈতে কান্ধত কান্ধ থৈ এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰে মুকাবিলা কৰাৰ বাবে সাহাৰ্য্যৰ আৱেদন কৰিছে তেওঁ। সামাজিক মাধ্যমত ইউনিচেফৰ সহযোগত ভাৰতলৈ সাহাৰ্য্য আগবঢ়োৱাৰ বাবে বিশ্ববাসীৰ ওচৰত আৱেদন জনাইছে তেওঁ।

ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত তেওঁ লিখিছে,” ভাৰতত কোভিডত মৃত্যু আৰু সংক্ৰমণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাইছে। ইউনিচেফে আশংকা কৰিছে এই ভাইৰাছত ৫ তকৈ কম বয়সৰ শিশু মৃত্যুৰ হাৰ ভাৰততে সৰ্বাধিক হ’ব। সেয়ে আমাক এতিয়া সাহাৰ্য্যৰ প্ৰয়োজন।” ইপিনে কোভিড ভয়াৱহতাৰ অভিজ্ঞতা নিজেও লাভ কৰিছে ৰামোছে। কোভিডত আক্ৰান্ত হৈ ক্ৰমাৎ সুস্থ হৈছে ফুটবলাৰগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *