Tuesday, October 4, 2022
HomeNewsগুৱাহাটী নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত ফুটছাল প্ৰতিযোগিতা

গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত ফুটছাল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ফুটছাল প্ৰতিযোগিতা । অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ এছোছিয়েচনে আয়োজন কৰিছে এই প্ৰতিযোগিতা । মঙ্গলবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব অহা ২৩ মাৰ্চ বুধবাৰে । প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টছেন বড়া আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নামত আয়োজন কৰা এই ফুটছাল প্ৰতিযোগিতাত অসম পুলিচ, কাজিৰঙা ফুটবল ক্লাব , নাৰেংগী ফুটবল ক্লাবকে ধৰি মূঠ ৮ টা দলে অংশগ্ৰহণ কৰিছে । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁ‌ৱৰ, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাকে ধৰি আয়োজক কমিটিৰ বিষয়ববীয়াসকল । প্ৰতিযোগিতাৰ বিজয়ী দলে পাব টছেন বড়া বঁ‌টাৰ সৈতে নগদ ১৫,০০০ টকা আৰু ফাইনেলিষ্ট দলে পাব প্ৰদীপ কুমাৰ ব্ৰহ্ম বঁ‌টাসহ নগদ ১০,০০০ টকা । তদুপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ’লৰক্ষকে পাব প্ৰয়াত ভূৱন দত্ত আৰু প্ৰয়াত চিদানন্দ দাস সোঁ‌ৱৰণি বঁ‌টা । বুধবাৰে সন্ধিয়া অসম বিধান সভাৰ বিধায়ক একাদশ আৰু চেলিব্ৰিটি একাদশৰ মাজত অনুষ্ঠিত হ’ব আকৰ্ষণীয় প্ৰদৰ্শনী ফুটছাল মেচ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments